HSLC Question Paper Leaked : মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল !

ফাদিলৰ কথা অস্বীকাৰ ছেবাৰ,ছেবাৰ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ,প্ৰশ্নকাকত ফাদিলক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী,ছেবাৰ সচিব নৰনাৰায়ণ নাথক তলব মুখ্যমন্ত্ৰীৰ

WhatsApp Image 2023 03 06 at 12.40.31

HSLC Question Paper Leaked :

আজি মেট্ৰিক পৰীক্ষাৰ গণিতৰ পৰীক্ষা আছিল ৷ আগবেলা অনুষ্ঠিত হোৱা পৰীক্ষাৰ কিছ সময়ৰ পাছতে ভাইৰেল হৈ পৰে গণিতৰ প্ৰশ্নকাকত ৷

গণিতৰ প্ৰশ্নকাকত ফাদিল হয় কাছাৰ জিলাৰ গণিৰগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

আনকি বিষয়টোক লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ উদ্বিগ্ন প্ৰকাশ কৰি তলব কৰে ছেবাৰ সচিব নৰনাৰায়ণ নাথক

আনহাতে গণিতৰ প্ৰশ্নকাকত ফাদিলক লৈ ছেবাই শ্ব’কজ জাৰি কৰে গণিৰগ্ৰাম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰক ৷ তিনিদিনৰ ভিতৰত বিদ্যালয় খনৰ কৰ্তৃপক্ষই ছেবাক দিব লাগিব উত্তৰ।

ইফালে ,মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ কথা অস্বীকাৰ কৰিছে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি মন্তব্য কৰি নিয়ন্ত্ৰক গৰাকীয়ে কয়, গণিতৰ কাকত ভাইৰেল হৈছে যদিও পৰীক্ষাৰ্থী লাভান্বিত হোৱা নাই ।

Exit mobile version