Gold Seized In Guwahati Railway Station :গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ পৰা২০ লাখ টকাৰ চোৰাং সোণ

এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

WhatsApp Image 2023 03 08 at 12.32.16

Gold Seized In Guwahati Railway Station :

গুৱাহাটী ৰে’ল ষ্টেচনত মঙলবাৰে ৰে’ল আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ চোৰাং সোণ ৷ লগতে আটক কৰে এজন সৰবৰাহকাৰীক

চোৰাং সোণৰ ব্যৱসায়ৰ স’তে জড়িত থকা সম্পট ৰাও নামৰ সৰবৰাহকাৰীজনক প্ৰায় ৩২০ গ্ৰাম সোণ সহ আটক কৰে ৷

জব্দকৃত সোণখিনি ত্ৰিপুৰ ৰাজধানী আগৰতলাৰ পৰা দিল্লীলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকা সময়তে ৰে’ল আৰক্ষীৰ তৎপৰতাত গুৱাহাটী ষ্টেচনতে জব্দ কৰা হয় সোণখিনি ৷

সোণখিনিৰ বজাৰমূল্য প্রায় ২০লক্ষ টকা বুলি আৰক্ষীয়ে জানিব দিয়ে ৷ ইতিমধ্যে এই সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

Exit mobile version