Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 4

Horoscope:ৰাশিফল

মেষ : দিনটোত বিশেষ সাৱধানেৰে চলা ভাল। বিদ্যার্থীসকল অধ্যয়নৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক। ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।

বৃষ : বন্ধু ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব। বাহ্যিক কৰ্মত মন দিব লগা হোৱাত মূল কৰ্মত কিছু অৱহেলিত হ’ব পাৰে। দাম্পত্যত মত বিৰোধ । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮।

মিথুন : পুৱা ১০ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব। বিদ্যাত মধ্যম। মাতা-পিতাৰ কাৰণে দিনটো শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।

কর্কট : পৰাপক্ষত স্পৰ্শকাতৰ কথা এৰাই চলক। আৰ্থিক দিশত আয়ৰ মাত্ৰা বৃদ্ধি পাব। প্ৰেমত বাধা। বিয়া-বাৰুৰ যোগাযোগত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ২।

সিংহ : ঘৰুৱাত কিছু ভালেই দেখা যায়। দুই এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে। কৰ্মক্ষেত্ৰত মানসিক অশান্তিৰ কৰকতা। প্ৰেমত আনন্দ। শুভ ৰং কমলা, শুভ সংখ্যা ৬।

কন্যা : কৰ্মক্ষেত্ৰত জটিলতা কিছু হ্রাস পাব। হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰো। বুলিও অলপ বাধাগ্ৰস্ত হ’ব। দাম্পত্যত মধ্যম। ৰাজনীতিবিদসকলে বিশেষ সতর্ক হওক। শুভ ৰং বগা, শুভ সংখ্যা ৮।

তুলা : প্ৰায়বোৰ কথাতে মন নিদিয়াই ভাল মূল কথাৰ প্ৰতি সজাগ থকা ভাল। দিনৰ শেষ ভাগ কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩।

বৃশ্চিক : কর্মক্ষম সকলে অসুবিধাৰ মাজেৰে অগ্ৰগতি লভিব। মানসিক অৱস্থা মধ্যম। আশা কৰা কোনো যোগাযোগত উপকৃত হ’ব পাৰে। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮।

ধনু : খৰচ-পাতি ৰোধ কৰাৰ যত্ন কৰক। প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব। বিদ্যাত বেয়া নহ’ব। প্ৰেমত বাধা । ব্যক্তিত্ব আৰু ধৈৰ্য ৰক্ষা কৰি চলক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।

মকৰ : ক্ৰমে দিনটো উন্নত অনুভৱ কৰিব। কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্ৰা বৃদ্ধি পাব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। চুটি ভ্ৰমণ হ’ব পাৰে। প্ৰেম-প্ৰণৰত উৎসাহ। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।

কুম্ভ : পুৱা ভাগতকৈ আবেলি ভাগত উন্নত ফল লাভ কৰিব। কর্মস্থানত ভালেই দেখা যায়। বিদ্যাত কিছু আশাপ্ৰদ শৰীৰ মধ্যম। ভ্ৰমণ কৰিব পাৰে। শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৬।

মীন : কৰ্মক্ষেত্ৰত নতুন আনন্দ লাভৰ আশা দেখিব। বেংক কর্মীসকল নিজৰ দক্ষতা দেখুৱাব পাৰিব। হাতলৈ অহা ধন অহাৰ যোগ আছে। প্রেম-প্রণয়ে সাময়িক বাধা। শুভ ৰং কমলা, শুভ সংখ্যা ৩।

Exit mobile version