Meta : পুনৰ কৰ্মচাৰীক ছাটাই কৰিব জুকাৰবাৰ্গে , অনিশ্চয়তাত মেটাৰ সহস্ৰাধিক কৰ্মী

mark zuckerberg

Meta :

গোলকীয় মহামন্দাৰ প্ৰভাৱ পৰিছে বিশ্বৰ সকলো বৃহৎ প্রতিষ্ঠানত। ব্যয় হ্ৰাস কৰিবলৈ এমেজনৰ পৰা গুগল,মাইক্ৰ’ছফটৰ পৰা আইবিএম, আনকি ছুইগীয়েও কৰ্মচাৰী ছাটাই কৰিবলৈ বাধ্য হৈছে।

ADVERTISEMENT

ইতিমধ্যে কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিলে মার্ক জুকাৰবাৰ্গৰ প্ৰতিষ্ঠান মেটাই। কিন্তু প্রকাশিত বাতৰি অনুসৰি আকৌ এবাৰ কৰ্মচাৰী ছাটাইৰ কথা চিন্তা কৰিছে ফে’চবুকে।

যোৱা বছৰত কমেও ১১,০০০ কৰ্মচাৰীক অব্যাহতি দিছিল জুকাৰবাৰ্গৰ এই সংস্থাটোৱে৷ প্ৰথমবাৰৰ বাবে ফে’চবুকে ইমান বৃহৎ সংখ্যক কৰ্মচাৰীক কৰ্মচ্যুত কৰিছিল।

এইবাৰ পুনৰ মেটাৰ ব্যয় হ্ৰাস কৰিবলৈ দ্বিতীয় পৰ্যায়ত কৰ্মচাৰী হ্ৰাসৰ সিদ্ধান্ত লৈছে ফে’চবুকে। চলিত সপ্তাহতে জুকাৰবাগে ১,০০০ কৰ্মচাৰীক অব্যাহতি দিয়াৰ সম্ভাৱনা আছে।

এই বাতৰি প্ৰচাৰিত হোৱাৰ পাছতে চৰম অনিশ্চয়তাত দিন অতিবাহিত কৰিছে মেটাৰ সহস্রাধিক কর্মীয়ে৷

Exit mobile version