Bura Chapori Wildlife Sanctuary :বুঢ়াচাপৰি অভয়াৰণ্যৰ স্থায়ী কেম্পলৈ অচিৰেই প্ৰেৰণ কৰা হ’ব অতিৰিক্ত আৰক্ষী -ফৰেষ্ট গাৰ্ড:ডি জি পি

WhatsApp Image 2023 03 10 at 17.09.09

Bura Chapori Wildlife Sanctuary :

বুঢ়াচাপৰি বন্য প্ৰাণী অভয়াৰণ্যত আজি দুপৰীয়াৰ ভাগত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং।বুঢ়াচাপৰি উচ্ছেদিত অঞ্চল পৰিভ্রমন কৰি অভয়াৰণ্য খনৰ উচ্ছেদিত ভূমিক সংৰক্ষিত কৰাৰ কথা সদৰী কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংয়ে কয় যে,অতি শীঘ্ৰেই এশিঙীয়া গঁড় এৰিব বুঢ়াচাপৰি বণ্যপ্ৰাণী অভয়াৰণ্যত ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে বুঢ়াচাপৰিক সংযোজন কৰাৰ পৰিকল্পনাৰ কথাও সংবাদ মাধ্যমৰ আগত সদৰী কৰে সঞ্চালক প্ৰধান গৰাকীয়ে ।

অভয়াৰণ্যৰ ভূমি যাতে পুনৰ বেদখল কৰিব নোৱাৰে তাৰ বাবে বনকৰ্মী নিয়োগ কৰি শিবিৰ পাতি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব।

বুঢ়াচাপৰি উচ্ছেদৰ পিছত উচ্ছেদিত অঞ্চললৈ আগমন ঘটিছে বাঘ আৰু হাতীৰ। বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যক বনৰীয়া জীৱ-জন্তৰ মুক্ত বিচৰনথলী কৰাৰ পৰিকল্পনাৰ কথাও সদৰী কৰে আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে ৷

Exit mobile version