Burning Train In Chandmari :মহানগৰীৰ চানমাৰিত চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড

আতংকময় পৰিস্থিতি চানমাৰিত , দাও দাওকৈ জ্বলিল যাত্ৰীবাহী ৰে'লৰ দবা

WhatsApp Image 2023 03 11 at 19.19.08

Burning Train In Chandmari :

মহানগৰীৰ মাজমজিয়াত সন্ধিয়া অঘটন ৷ সদাব্যস্ত জনবহুল চানমাৰিত চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড ৷ দপদপকৈ জ্বলিল নামনিমুৱা বেংগালুৰু এক্সপ্ৰেছ ৰে’ল ৷ জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি লয় এটা দবা ৷

জুই সূত্ৰপাত কেনেদৰে হ’ল এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ইতিমধ্যে ব্যস্ততাপূৰ্ণ চানমাৰি অঞ্চলত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

অৱশ্যে অগ্নিকাণ্ডৰ ঘটনাটোত যাত্ৰীবাহী ৰে’ল খনৰ কোনো লোক হতাহত হোৱা নাই ৷ দাও দাওকৈ জ্বলি উঠা ৰে’ল খনৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নি নিৰ্বাপন বাহিনী ৷ শেহতীয়াকৈ জানিব পৰা মতে দবাটোত নাছিল কোনো যাত্ৰী ৷

Exit mobile version