Delhi : দিল্লীত নিষিদ্ধ হ’ল এপ্ বাইক সেৱা , কৰ্মচ্যুত কমেও এক লাখ লোক

122473b5 2fd4 493f 8067 4e483398b698 bbbbbb

Delhi :

দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পার্টি (আপ)ৰ চৰকাৰে ৰাজধানী চহৰখনত এপ্ বাইক অর্থাৎ দুচকীয়া বাণিজ্যিক বাহনৰ সেৱা নিষিদ্ধ ঘোষণা কৰিলে।

এতিয়াৰে পৰা দিল্লীত কোনো ব্যক্তিয়ে ব্যক্তিগত পঞ্জীয়নৰ দুচকীয়া বাহন এপ্ বাইক সেৱাত বাণিজ্যিক উদ্দেশ্যৰে ব্যৱহাৰ কৰিব নোৱাৰিব।

যোৱা ২০ ফেব্ৰুৱাৰীত কেজৰিৱাল চৰকাৰে এই নির্দেশনা জাৰি কৰি কৈছিল যে এপ্ বাইক সেৱাত ব্যক্তিগত পঞ্জীয়নৰ দুচকীয়া বাহন ব্যৱহাৰ কৰিলে বাহন চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে এক লাখ টকালৈকে জৰিমনা বিহা হ’ব।

কেজৰিৱাল চৰকাৰৰ এই সিদ্ধান্তৰ ফলত সম্প্ৰতি দিল্লীত দুচকীয়া বাহনৰ বাণিজ্যিক সেৱাৰে জীৱিকা অৰ্জন কৰা লোকসকলে জীৱিকাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। প্রকাশিত বাতৰি অনুসৰি কেজৰিৱাল চৰকাৰৰ এই সিদ্ধান্তত কৰ্মচ্যুত হ’ল ৰাষ্ট্ৰীয় ৰাজধানীৰ কমেও এক লাখ বাণিজ্যিক দুচকীয়া বাহন চালক।

একাংশ লোকে সৰু-সুৰা চাকৰি কৰাৰ লগতে এপ্ বাইক সেৱাৰ স’তে জড়িত হৈ পৰিয়াল পোহপালৰ বাবে প্ৰয়োজনীয় ধন আহৰণ কৰিছিল।

তদুপৰি একাংশ শিক্ষাৰ্থীয়েও আজৰি সময়ত দুচকীয়া বাণিজ্যিক বাহনসেৱাৰ স’তে জড়িত হৈ ধন উপার্জন কৰিছিল। কিন্তু কেজৰিৱাল চৰকাৰে ব্যক্তিগত পঞ্জীয়নৰ দুচকীয়া বাহনৰ এপ্ বাইক সেৱাত ব্যৱহাৰ নিষিদ্ধ কৰাত এইসকল লোকৰ উপাৰ্জনৰ পথ বন্ধ হ’ল।

Exit mobile version