GMC : মহানগৰীত কৃত্ৰিম বান ৰোধৰ বাবে

আজিৰে পৰা বাহিনী নৈৰ ওপৰত থকা ২৬ দলং ভাঙিব পৌৰনিগমে

c05cb0a2 38d0 464f 95d5 e509135fd37a

GMC :

উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত কৃত্ৰিম বান ৰোধৰ বাবে বাৰিষাৰ পূৰ্বেই বিশেষ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে জি এম চিয়ে ৷

প্ৰাৰম্ভিক পদক্ষেপ হিচাপে গুৱাহাটীৰ বাহিনী নৈৰ ওপৰত থকা প্ৰায় ২৬ খনকৈ দলং ভাঙি পেলোৱাৰ সিদ্ধান্ত লয় পৌৰ নিগমে৷

উল্লেখ্য যে, এই দলং সমূহে বাহিনী নৈ প্ৰৱাহিত পানী ভেটা দি কৃত্ৰিম বানত অৰিহণা যোগাই আহিছে ৷ইতিমধ্যে পৌৰ নিগমে চিনাক্ত কৰা ২৬ খনকৈ দলং ভাঙি কৃত্ৰিম বান ৰোধৰ প্ৰচেষ্টা লৈছে ৷

আনহাতে এজাক মুষলধাৰ বৰষুণ দিলেই মহানগৰীৰ প্ৰায়বোৰ নলা- নৰ্দমা উফন্দি কৃত্ৰিম বান কবলত পৰে বহু কেইটা ব্যৱসায়িক আৰু আবাসিক অঞ্চল ৷

জি এম চিয়ে শেহতীয়াকৈ নলা- নৰ্দমা সমূহৰ আবৰ্জনাও পৰিস্কাৰ কৰাৰ লগতে মাটিৰে পৰিপূৰ্ণ হৈ থকা নলা সমূহ খন্দাৰ কামো অব্যাহত ৰাখিছে জি এম চিয়ে ৷ বাৰিষা অহাৰ পূৰ্বে বানমুক্ত গুৱাহাটীৰ বাবে জি এম চিয়ে যুদ্ধকালীন তৎপৰতাৰে কাম- কাজ অব্যাহত ৰাখিছে ৷

Exit mobile version