Guwahati Dakhingaon Fire :মহানগৰীৰ দক্ষিণগাঁৱৰ নিৰ্মিয়মান অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড

images 2 1

Guwahati Dakhingaon Fire :

মহানগৰীৰ দক্ষিণ গাৱঁৰ এটা নিৰ্মীয়মান অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ ন নং মহলাত সংঘটিত এই অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলতেই হোৱাৰ সন্দেহ কৰা হৈছে ৷

উল্লেখ্য যে,নিৰ্মীয়মান অট্টালিকাটোত চাটাৰিঙৰ কাম চলি আছিল ৷ নিশা প্রায় ১০ বজালৈকে কাম কৰি আছিল বনুৱাই৷ তেনে সময়ত সংঘটিত হয় অগ্নিকাণ্ড ৷

অগ্নিকাণ্ডৰ পাছতে ঘটনাস্থলীত নখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ বহু চেষ্টাৰ অন্ততহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

মনকৰিবলগীয়া যে,নিৰ্মিয়মান অট্টালিকাটোৰ গৰাকী এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলল বুলি জানিব পৰা গৈছে ৷

Exit mobile version