Thailand Air Pollution : তীব্ৰ বায়ু প্ৰদূষণত থাইলেণ্ড, এসপ্তাহত দুই লাখ লোক চিকিৎসালয়ত

1678672260 bagkok

Thailand Air Pollution :

থাইলেণ্ডত তীব্ৰ বায়ু প্ৰদূষণ ! যাৰ বাবে শেহতীয়াকৈ কমেও দুই লাখ লোক চিকিৎসালয়ত ভৰ্তি হৈছে। অসুস্থতাৰ এনে আশংকাজনক হাৰ দেখি উদ্বিগ্ন প্ৰশাসন ।

২০২৩ চনৰ আৰম্ভণিৰ পৰা, কমেও ১৩ লাখ লোক অসুস্থ হৈ পৰিছে। ৰোগীসকলৰ মাজত দেখা গৈছে যে প্ৰকাৰৰ এলাৰ্জি, শ্বাস-প্ৰশ্বাসৰ সমস্যা ।অৱশ্যে, এসপ্তাহত দুই লাখ লোক অসুস্থ হৈ পৰাটো অত্যন্ত গুৰুত্বৰ বুলি বুলি চিকিৎসকসকলে দাবী কৰে ।

বুধবাৰে, স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা শিশু আৰু গৰ্ভৱতী মহিলাসকলক ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰে।

বাকীসকলক এন ৯৫ মাস্কৰ অবিহনে ঘৰৰ বাহিৰলৈ নাযাবলৈ পৰামৰ্শ দিছে । দেশখনৰ নাৰ্চাৰীসমূহত শিশুসকলৰ বাবে ‘বিশেষ ধুলি-মুক্ত ঘৰ’ৰ ব্যৱস্থা কৰা হৈছে। তাত প্ৰায় গোটেই দিনটো এয়াৰ পিউৰিফায়াৰ চলি থাকে ।

থাইলেণ্ডত বায়ু প্ৰদূষণৰ তিনিটা মুখ্য উৎস আছে। প্ৰথম , বেছিভাগ প্ৰদূষণ যানবাহনৰ ধোঁৱাৰ ফলত হয়। দ্বিতীয় আৰু তৃতীয় উৎসবোৰৰ ভিতৰত আছে কাৰখানা আৰু শস্যৰ শিপা জ্বলোৱাৰ পৰা নিৰ্গত ধোঁৱা। ইয়াৰ প্ৰভাৱ ৰাজধানী বেংকক চহৰত ভালদৰে বুজি পোৱা যায়।

যদিও সপ্তাহটোৰ আৰম্ভণিৰ পৰাই বায়ুৰ মানদণ্ড অৱনতি হ’বলৈ আৰম্ভ কৰিছিল, স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰে যে বুধবাৰে বেংককৰ ৫০ খন জিলাত পিএম ২.৫ কণাৰ মাত্ৰা আছিল স্বাভাৱিক মাত্ৰাতকৈ বিপদজনকভাৱে অধিক ।

বৃহস্পতিবাৰে পৰিস্থিতিৰ বিশেষ উন্নতি হোৱা নাছিল। প্ৰদূষণৰ সূক্ষ্মৰ পৰা সূক্ষ্ম কণাবোৰক পিএম২.৫ কণা বোলা হয় । যাৰ ব্যাস ২.৫ মাইক্ৰ’মিটাৰ বা তাতকৈ কম । ২.৫ মাইক্ৰ’মিটাৰ মানুহৰ চুলিৰ ব্যাসতকৈ ৩০ শতাংশ কম। বায়ুত এই সূক্ষ্ম কণাবোৰৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে, ই উশাহ-নিশাহৰ জৰিয়তে তেজত প্ৰৱেশ কৰে। তাতেই ৰোগ আৰম্ভ হয়।

২০১৯ চনত, থাইলেণ্ড চৰকাৰে দাবী কৰিছিল যে ২০২৪ চনৰ ভিতৰত প্ৰদূষণ হ্ৰাস কৰাটো তেঁওলোকৰ অগ্ৰাধিকাৰ। সেই অনুসৰি, স্থানীয় প্ৰশাসকসকলক প্ৰদূষণ নিয়ন্ত্ৰণৰ বিষয়ে প্ৰশিক্ষণ দিয়াৰ বাবে এক বিশেষ নিৰ্দেশনা প্ৰস্তুত কৰা হৈছিল ।

Exit mobile version