Arohan Excellence Award :আৰোহণ ফাউণ্ডেশ্যনৰ আন্তৰ্জাতিক নাৰী দিৱস পাঁচ বিশিষ্ট মহিলালৈ আদর্শ নাৰী বঁটা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক ‘এক্সিলেন্স’ বঁটা প্রদান

দৈনিক অগ্ৰদূতৰ বাৰ্তা সম্পাদিকা চেমিম চুলতানা আহমেদলৈ আৰোহণ এক্সিলেন্স বঁটা Arohan Excellence Award :

WhatsApp Image 2023 03 14 at 18.05.09

Arohan Excellence Award :

অসমৰ আগশাৰীৰ সামাজিক অনুষ্ঠান আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত সোমবাৰে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি দিশপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আঢ়ম্বৰপূৰ্ণভাৱে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে নাৰী দিৱস পালন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে সকলোকে আদৰণি জনাই আৰোহণ ফাউণ্ডেশ্যণৰ সঞ্চালিকা ড° সীমা বৰাই। আৰোহণৰ সমৱেত সংগীতেৰে আৰম্ভ হোৱা গীত-কবিতা-নৃত্যৰে জীপাল হৈ পৰা অনুষ্ঠানত কেইবাগৰাকীও ব্যক্তিক বঁটা প্ৰদান কৰা হয়।

বিভিন্ন ক্ষেত্ৰত কৰ্ম কৰি থকা প্ৰতিভাশীল ব্যক্তিক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ মানসেৰে ‘আৰোহণ এক্সিলেন্স এৱাৰ্ড’ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত আন্তঃর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি পাঁচগৰাকী বিশেষ মহিলাক ‘আৰোহণ এক্সিলেন্স এৱাৰ্ড ৰ লগতে “আদর্শ নাৰী বঁটা’ প্ৰদান কৰা হয়।

বিশিষ্ট প্রকৃতিপ্রেমী ‘হাড়গিলা বাইদেউ’ খ্যাত ড° পূর্ণিমা দেৱী বর্মন, বিশিষ্ট ঔপন্যাসিকা মণিকুন্তলা ভট্টাচার্য, নৃত্যগুরু ভানু ডেকা চহৰীয়া, বিশিষ্ট লেখিকা তথা প্রযোজিকা স্বপ্নালী বৰগোহাঁই, বিশিষ্ট সমাজসেৱিকা মঞ্জুৰী বৰঠাকুৰক এই বিৰল সন্মান প্ৰদান কৰা হয়।
তদুপৰি এই বৰ্ষৰ আৰোহণ এক্সিলেন্স বঁটা প্ৰাপকসকল হ’ল ক্ৰমে — অৱসৰী শীৰ্ষ আৰক্ষী বিষয়া তথা বিশিষ্ট সমাজসেৱক শ্যামল প্রসাদ শ‍ইকীয়া, গেইট হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ বেদব্রত পাঠক, বিশিষ্ট কবি নীলিম কুমাৰ, নিউজ লাইভৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদিকা ছায়ামণি ভূঞা, দৈনিক অগ্রদূতৰ বাতৰি সম্পাদিকা চেমিম চুলতানা আহমেদ, এন কে টিভিৰ জ্যেষ্ঠ সাংবাদিক মছফিকা আহমেদ,জনপ্রিয় সংগীত পৰিচালক অজয় ফুকন, সমাজকর্মী অন্তৰা পল, বিশিষ্ট গায়িকা ড° বর্ণালী দাস, সমাজকর্মী প্রীতিশ্ৰী শৰ্মা, লোকসংগীতৰ শিল্পী ভনীতা কটকী, বিশিষ্ট লেখিকা মালবিকা বৰদলৈ, লেখিকা বিভা দত্ত,বিশিষ্ট ডিজাইনাৰ সুস্মিতা বণিক্য,কৰিঅ’গ্ৰাফাৰ বাবলি ভট্টাচার্য দাস, প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক পল্লবী বৰা,নিউজ-18ৰ সাংবাদিক মৌচুমী শৰ্মা বৰুৱা, বিশিষ্ট বেকাৰিষ্ট সুস্মিতা দে, মডেল গায়ত্রী শাণ্ডিল্য, সমাজকৰ্মী জয়া দলৈ বৰুৱা, সমাজকর্মী অনিতা ৰাজবংশী,ডি ৱাই 365ৰ সাংবাদিক নিলাক্ষী ডেকা,পৰিচালক-চিত্রনাট্যকাৰ পল্লৱ পৱন,শিল্পী-কবি অৰিফা হুছেইন বৰা,প্ৰতিদিন টাইমছৰ এংকৰ চিম্বী গগৈ, শিক্ষাবিদ ভবেশ শর্মা, প্রযোজক মহানন্দ কুমাৰ, বিশিষ্ট কবি টুলুপ্ৰভা শ‍ইকীয়া, লেখক কাঞ্চন সাউদ বৰা, সাংবাদিক নিশা হাজৰিকা, কোঅর্ডিনেটৰ প্ৰতিমা দাসগুপ্তা (প্রীতি), ক্ৰছিং প্রতিষ্ঠান অফিনিটি ক্লাছেছ, নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট, ৰেড ডেভিল (ফাষ্ট এইং এনার্জি ডিঙ্ক)।

মেৰী শ‍ইকীয়া আৰু ঋতু ভৰালীয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী কৃষিমন্ত্ৰী অতুল বৰা, দিশপুৰ আৰু কমলপুৰ সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে অতুল বৰা(জ্যেষ্ঠ) আৰু দিগন্ত কলিতা, সমাজকর্মী ঋষীকেশ শর্মা, আৰক্ষী বিষয়া হেমন্ত ভট্টাচার্য, জনপ্রিয় অভিনেত্রী চেতনা দাস, বিশিষ্ট গায়ক ডাঃ অঞ্জনজ্যোতি চৌধুৰী,ফেশন ডিজাইনাৰ গৰিমা শ‍ইকীয়া গার্গ,কণ্ঠশিল্পী বর্ণালী কলিতা, ময়ূৰী দত্ত, বিশিষ্ট সমাজসেবিকা ৰুমী ভূঞা দত্ত, দেৱজিৎ কলিতা প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল।

তদুপৰি আৰোহণৰ পৰিয়ালৰ হৈ বিশিষ্ট শিক্ষাবিদ, ইউএছটি এমৰ সহঃ উপাচাৰ্য ড° বলেন্দ্ৰ কুমাৰ দাস, ডাঃ মৃন্ময় কুমাৰ নাথ, ডাঃ প্রতীম তালুকদাৰ, অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ শৰ্মা, কবি শ্যামল কুমাৰ ভট্টাচাৰ্য, সংগীতজ্ঞ জন্মি দাস, সৌৰভ ডেকা, জয়ন্ত পাটগিৰী, সম্পাদিকা মীৰাৰাণী দত্ত, দিম্পী ভৰালী আদি উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত থকা সকলোকে কৃতজ্ঞতা তথা শলাগৰ শৰাই আগবঢ়াই আৰোহণ ফাউণ্ডেশ্যনৰ সঞ্চালিকা ড° সীমা বৰাই।

Exit mobile version