Assam assembly : নখন কেবিনেট বৈঠকৰ বাবদ ব্যয় ৩.৬৮ কোটিৰো অধিক

download 1 2

Assam assembly :

ইতিমধ্যে অসমত নখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে। দিছপুৰৰ বাহিৰত এই বৈঠক আয়োজনৰ বাবদ ৰাজকোষৰ পৰা ব্যয় হোৱা ধনৰ পৰিমাণ হ’ল ৩,৬৮,৩০,১১৬ টকা।

আজি অসম বিধানসভাত সাধাৰণ প্রশাসন বিভাগে দাখিল কৰা এই তথ্য অনুসৰি, সৰ্বাধিক ১,১৩,৯২,৩৯৯ টকা ব্যয় হয় ডিমা হাছাওৰ হাফলঙত অনুষ্ঠিত হোৱা তৃতীয়খন এনে কেবিনেট বৈঠকত।যোৰহাটত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবদ ব্যয় হয় ৪৮,৪২,১৭৩ টকা।

শিলচৰত ব্যয় হয় ৩০,৬০,০০০ টকা। চতুর্থখন কেবিনেট বৈঠক কোকৰাঝাৰত অনুষ্ঠিত কৰাৰ নামত ব্যয় হয় ২১,৯০,১০৮টকা। বঙাইগাঁৱৰ বৈঠকখনত ব্যয় হয় ৫৫,৫৪,১৩৪ টকা।

শোণিতপুৰত ব্যয় হয় ৭,৬৯,০০০ টকা। ধেমাজিত ব্যয় হয় ৩৪,০৮,৩৬১ টকা। ডিব্ৰুগড়ৰ কেবিনেট বৈঠকখনত ব্যয় হয় ৩৫,১৫,৯১২ টকা।

ইপিনে, দিছপুৰৰ পৰা নাতি দূৰৈত গান্ধী মণ্ডপত শেহতীয়া এনে বৈঠকখন অনুষ্ঠিত হৈছিল। অথচ সেইখন অনুষ্ঠিত কৰাৰ বাবদো ব্যয় হয় ২১,৭৯,১২৯ টকা।

Exit mobile version