HSLC Paper Leak :মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ ২২জনক আটক

৩ জনক গ্ৰেপ্তাৰ

WhatsApp Image 2023 03 14 at 12.04.20

HSLC Paper Leak :

মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ৩ জনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই পৰ্যন্ত আটক কৰা হৈছে ২২ জনক ৷ গুৱাহাটীতে গ্ৰেপ্তাৰ কৰা হৈছে তিনিজনক ৷

শিক্ষয়িত্রী জ্যোতিৰেখা বৰগোহাঁইক গ্রেপ্তাৰ কৰাৰ লগতে শিক্ষক হেৰম্ব কুমাৰ দাস, চালক বিন্দেশ্বৰ টুমুঙক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে ৷

আটকাধীন শিক্ষয়িত্রী জ্যোতিৰেখা বৰগোহাঁইক পাণবজাৰ থানাত ৰখা হৈছে ৷ আনহাতে চি আই ডি থানাত ৰখা হৈছে আন দুগৰাকী অভিযুক্তক ৷ অৱশ্যে চিত্র ৰয় নামৰ শিক্ষক জনক সোধা-পোছা অব্যাহত চি আই ডিয়ে

চিত্র ৰয় আৰু জ্যোতিৰেখাৰ ভাষ্যৰ মিল পোৱা নাই বুলি জানিব পৰা গৈছে ৷ আনহাতে যোৱা নিশাটো চি আই ডিয়ে ৰাজ্যজুৰি অভিযান চলাই লখিমপুৰত পাঁচজন ছাত্ৰ, ধেমাজিত এজন ছাত্রক আৰু ডিব্ৰুগড়ৰডিব্ৰুগড়ৰ পৰা পাঁচজনক আটক কৰে ৷

একেদৰে শদিয়া আৰু তিনিচুকীয়াৰ পৰা আটক কৰে আন কেইবাজনো ছাত্রক। চি আই ডিৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আৰু দহজনক সোধপোছৰ বাবে আটক কৰিব পাৰে অনুসন্ধান সন্থাটোৱে ৷

Exit mobile version