Salt Brooke Academy Student Arrested :ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ সাত ছাত্ৰক চি আই ডিৰ মাৰাথন জেৰা

অধ্যক্ষক চি আই ডিৰ গুৱাহাটীস্থ কাৰ্যালয়লৈ তলব

1d4a3cab 99dd 4414 a834 c99d8467b210

Salt Brooke Academy Student Arrested :

চলিতবৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত সোমবাৰৰ আগদিনা অৰ্থাৎ দেওবাৰে নিশা ফাদিলৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত প্ৰশ্নকাকত ফাদিল কাণ্ডই লৈছে এক নতুন মোৰ ৷

উজনি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান ডিব্ৰুগড়ৰ ছল্ট ব্রুক একাডেমীৰ সাতজনকৈ ছাত্ৰক জেৰা কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । একেদৰে আৰক্ষীয়ে সোমবাৰে নিশাই সোধপোছ কৰিছে ছল্ট ব্রুকৰ অধ্যক্ষ নিলাঞ্জন বৰদলৈকো ৷

জেৰা অব্যাহতৰ অন্তত আটক কৰা সাত ছাত্ৰ কেইজনৰ ঘৰ উজনিৰ বিভিন্ন জিলাত৷ ডিব্ৰুগড়ৰ এছ পিয়ে সদৰি কৰা মতে প্ৰশ্নকাকত ফাদিলৰ স’তে জড়িত আছে বহুলোক ৷শীৰ্ঘেই জালত পৰিব তেওঁলোক৷ইতিমধ্যে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অব্যাহত ৰাখিছে তদন্ত অভিযান ৷

উল্লেখ্য যে,ছল্টব্ৰুক একাডেমীৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰতিবৰ্ষত ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰি আহিছে ৷ এনে প্ৰেক্ষাপটত সুনাম থকা শিক্ষানুষ্ঠান খনৰ শিক্ষাৰ্থী প্ৰশ্নকাকত ফাদিল কাণ্ডৰ স’তে সাঙোৰ খাই পৰাত যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে ৷

অৱশ্যে আৰক্ষীৰ খৰতকীয়া আৰু নিখুত তদন্তহে সমস্ত বিষয়টো পোহৰলৈ আনিব৷ অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰ নিৰ্দেশত তদন্ত নামি পৰা ডিব্ৰুগড়ৰ এছ পি শ্বেতাংক মিশ্ৰই সংবাদ মাধ্যমক জানিব দিয়া মতে,ছল্টব্ৰুক একাডেমীৰ শিক্ষাৰ্থী প্ৰশ্নকাকত ফাদিলৰ স’তে জড়িত থকা সম্পৰ্কত যথেষ্ট ক্ষীপ্ৰতাৰে তদন্ত কৰি থকা হৈছে বুলি প্ৰকাশ কৰে ৷বহু ৰৌ- বৰালি জালত পৰাৰ সম্ভাৱনা ব্যক্ত কৰে এছ পি গৰাকীয়ে ৷

Exit mobile version