Congress MLA Protest In Assembly Campus : প্ৰশ্নকাকত ফাদিল কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ সদনৰ বাহিৰত

8b7d14de 9aef 4360 9c30 30d8a37f5838

Congress MLA Protest In Assembly Campus :

শিক্ষা বিভাগৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ সদনৰ বাহিৰত ৷বহু চৰ্চিত প্ৰশ্নকাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে আজি অসম বিধানসভাৰ চৌহদত কংগ্ৰেছী বিধায়ক এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বাজেট অধিবেশনত অংশ লৈ তাৰ পৰা পোনে পোনে কংগ্ৰেছী বিধায়ক সকলে হাতত প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ -বতাহ মুখৰিত কৰি তোলে ৷

বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া নেতৃত্বত কংগ্ৰেছী বিধায়ক সকলে প্ৰশ্নকাকত ফাদিল সম্পৰ্কত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে নৈতিক দায়িত্ব স্বীকাৰ কৰে পদৰ পৰা পদত্যাগৰ দাবী তোলে ৷

Exit mobile version