State Home Minister Speech In Loksabha : দেশৰ ৬৩ খন থানাত নাই বাহন

টেলিফোন সংযোগো নাই ৬২৮খন থানাত

5a02f6c0 d539 4ee5 b9a2 7cd2abdd1d05

State Home Minister Speech In Loksabha :

লোকসভাত মঙলবাৰে সদনত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এক উদ্বেগজনক খবৰ উপস্থাপন কৰে ৷মন্ত্ৰী গৰাকীয়ে সদৰি কৰা মতে, বাহন অবিহনেই দেশত চলি আছে ৬৩খন থানা। একেদৰে দেশৰ ৬২৮খন থানাত নাই টেলিফোন সংযোগ।

আনহাতে ৱায়াৰলেছ চেট আৰু ম’বাইল বিহীন ভাৱে চলি আছে ২৮৫ খন থানাত৷ মন্ত্ৰী গৰাকীয়ে সদনত উল্লেখ কৰা মতে দেশত বৰ্তমানলৈকে থকা মুঠ আৰক্ষী থানাৰ সংখ্যা ১৭,৫৩৫৷ বিৰোধীৰ এক লিখিত প্ৰশ্নোত্তৰত লোকসভা গৃহৰাজ্য মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা এই তথ্যই দেশৰ স্মাৰ্ট আৰক্ষীৰ প্ৰকৃত ছবি খন পুনৰ উন্মোচিত হয় ৷

Exit mobile version