Governor Visits Kamrup Metro Dc Office:ৰাজ্যপাল কাটাৰিয়াৰ মহানগৰ জিলা ডিচি কাৰ্যালয় পৰিদৰ্শন

জিলাখনৰ উন্নয়নমূলক কামৰ বুজ লয় ৰাজ্যপালে,বৰষুণৰ পানী সংগ্ৰহৰ ওপৰত গুৰুত্বআৰোপ ৰাজ্যপালৰ

WhatsApp Image 2023 03 17 at 19.04.45 1

Governor Visits Kamrup Metro Dc Office:

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয় পৰিদৰ্শন কৰে ৷ ইয়াৰ পাছতে ৰাজ্যপাল গৰাকীয়ে উপায়ুক্ত, আৰক্ষী আয়ুক্ত, বিভাগসমূহৰ মুৰব্বী আৰু অন্যান্য বিষয়াবৰ্গৰে এক বৈঠকত মিলিত হৈ জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয় ।

উপায়ুক্তৰ সভাগৃহত ৰাজ্যপাল কাটাৰিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত ৰাজ্যপাল গৰাকীয়ে কৃষি, উদ্যান শস্য, পিএইচই, শিক্ষা, জিএমচি, জিএমডিএ আদি বিভাগসমূহে হাতত লোৱা আঁচনিসমূহৰ স্থিতিৰ বুজ লয়।

বৈঠকত তেওঁ সকলো চৰকাৰী আঁচনিৰ ৰূপায়ণ ক্ষীপ্ৰতাৰে কৰি সমাজৰ নিম্নতম স্তৰত উপনীত হোৱাটো নিশ্চিত কৰিবলৈ বিশেষ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।

কামৰূপৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৰাজ্যপালক বৰ্তমান জিলাখনত চলি থকা কেইবাটাও উন্নয়নমূলক কামৰ বিষয়ে অৱগত কৰে। ৰাজ্যপাল কাটাৰিয়াই বৰষুণৰ পানী সংৰক্ষিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে পানী সংৰক্ষণ কৰিব লাগিব আৰু বহনক্ষম পানী ব্যৱস্থাপনাৰ বাবে বৰষুণৰ পানী সংগ্ৰহ আৰু সংৰক্ষণ কৰিব লাগিব।

ৰাজ্যপালগৰাকীয়ে লগতে উল্লেখ কৰে যে কৃষি আৰু উদ্যান শস্য হৈছে আৰ্থ-সামাজিক বিকাশত মুখ্য অৱদানকাৰী আৰু সেয়েহে জিলা কৃষি বিষয়াক সকলো আঁচনি প্ৰগতিশীল কৃষকৰ ওচৰলৈ লৈ যোৱাটো পৰামৰ্শ দিয়ে ৷

ৰাজ্যপাল গৰাকীয়ে জিলাখনত চলি থকা প্ৰকল্পসমূহ সোনকালে সম্পূৰ্ণ কৰাৰ বাবে তেওঁৰ পৰা সকলো ধৰণৰ সহযোগিতা দিয়াৰ আশ্বাস দিয়ে।

একেদৰে ৰাজ্যপাল কাটাৰিয়াই গুৱাহাটী মহানগৰত আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সৈতে আন এখন বৈঠকত মিলিত হয়।

ইয়াৰ পূৰ্বে ৰাজ্যপালে ডিচি কাৰ্যালয় চৌহদত এটা গছপুলি ৰোপণ কৰে ৷ উপায়ুক্ত কাৰ্যালয় পৰিদৰ্শন কালত ৰাজ্যপাল গৰাকীক সংগ দিয়ে ৰাজ্যপালৰ আয়ুক্ত- সচিব এছ এছ মীনাক্ষী সুন্দৰমে।

Exit mobile version