Man Arrested For Haney Trapping In Guwahati:মহানগৰীত পুনৰ সক্ৰিয় হানি ট্রেপিং চক্র

আৰক্ষীৰ জালত যুৱতী সহ দুজন

WhatsApp Image 2023 03 18 at 21.01.55

Man Arrested For Haney Trapping In Guwahati:

মহানগৰীত পুনৰ সংগোপনে সক্রিয় হৈছে হানি ট্রেপিং চক্র ৷ এইবাৰ হানি ট্রেপিঙৰ বলি হৈছে এজন পুজাৰী ৷
ভগীৰথী শাস্ত্রী নামৰ এগৰাকী পূজাৰীজন এই চক্ৰটোৰ কবলত পৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে ৷

ফটাশিল আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শুক্ৰবাৰে অৰ্তকিতে চলোৱা অভিযানত আটক হয় হানি ট্রেপিঙ চক্রটোৰ দুজন ৷

উল্লেখ্য যে,ভগীৰথী শাস্ত্রী নামৰ পূজাৰীজনক প্ৰথমে ৱাটছ এপ যোগে কল কৰিছিল চক্রটোৰ এগৰাকী যুৱতীয়ে ৷ পাছতৱাটছ এপত প্রেৰণ কৰিছিল অশ্লীল ভিডিঅ’ ৷ ইয়াৰ পাছতে বিভিন্ন ভয়-ভাবুকি দি অসৎ চক্ৰটোৱে শকত পৰিমাণৰ ধন দাবী কৰে ৷

আনকি চক্রটোৰ যুৱতী গৰাকীয়ে ধন আদায় নিদিলে ফটো আৰু ভিডিঅ’ ছ’চিয়েল মেডিয়াত ভাইৰেলৰ ভাবুকি পৰ্যন্ত দিয়ে পুজাৰী গৰাকীক ৷

অসৎ চক্ৰটোৰ উপযুপৰি ভাবুকিৰ পাছতে ফটাশিল থানাত এক গোচৰ ৰজু কৰে পুজাৰীজনে ৷ গোচৰ পোৱাৰ পাছতেই ফটাশিল আৰক্ষীয়ে ফাঁচী বজাৰৰ পৰা আটক কৰে এগৰাকী যুৱতী সহ প্ৰমোদ তিৱাৰী নামৰ লোকজনক ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version