Nirmaan Rehabilitation Center Youth Death :মহানগৰীত পুনৰ নিচামুক্তি কেন্দ্ৰত ৰহস্যজনক মৃত্যু মঙলদৈৰ যুৱকৰ

9b52f3d9 e410 455e 9aa0 4e0b6069c215

Nirmaan Rehabilitation Center Youth Death :

গুৱাহাটী মহানগৰীত কাঠ ফুলাৰ দৰে গঢ়ি উঠা নিচামুক্তি নিচামুক্তি কেন্দ্ৰ সমূহ প্ৰকৃতাৰ্থত নিচাআসক্ত যুৱক সকলৰ বাবে কিমান সুৰক্ষিত ৷

শেহতীয়াকৈ ৰাজ্য চৰকাৰে নিচামুক্তি কেন্দ্ৰ সমূহ কঠোৰ নিৰিক্ষণৰ ৰাখিছে যদিও একাংশ নিচামুক্তি কেন্দ্ৰ সুৰক্ষিত নহয় আৱাসী সকলৰ বাবে ৷ কিছুদিন পূৰ্বে হাতীগাওঁৰ এটা নিচামুক্তি কেন্দ্ৰত সতীৰ্থ আবাসীৰ উপযুপৰি প্ৰহাৰত মৃত্যু হৈছিল এজন যুৱকৰ ৷

এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ অনুৰূপ ঘটনা সংঘটিত হয় মহানগৰীৰ পাঞ্জাবাৰীৰ নির্মান নিচামুক্তি কেন্দ্ৰত ৷ কেন্দ্ৰটোত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মঙলদৈৰ অক্ষয় কুমাৰ বৰা নামৰ আবাসীজন ৷

উল্লেখ্য যে, পৰিয়ালৰ লোকে ১১ ফেব্ৰুৱাৰীত অক্ষয়ক নিচামুক্তি কেন্দ্ৰত থৈ গৈছিল ৷ কেন্দ্ৰটোত থকাৰ পাছৰে পৰা যুৱকজনৰ খা- খবৰ লৈ আছিল পৰিয়ালৰ লোকে ৷ আনকি কেন্দ্ৰটোৰ তদাৰককাৰীয়ে যুৱকজন ভালেই থকা বুলি কৈ আহিছিল ৷

কিন্ত আজি হঠাতে কেন্দ্ৰটোৰ তদাৰককাৰীয়ে ফোন যোগে জনাই যে অক্ষয়ে আত্মহত্যা কৰিছে৷ ইতিমধ্যে দুৰ্ভগীয়া পৰিয়ালটি পাঞ্জাবাৰীৰ নির্মান নিচামুক্তি কেন্দ্ৰত উপস্থিত হৈ অভিযোগ কৰে যে যুৱকজনক নির্যাতন চলাই হত্যা কৰা হৈছে ৷এই সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া পৰিয়ালটি ৷

Exit mobile version