Chhayagaon : ছয়গাঁও-ঔগুৰী পথত গাঞ্জা সহ যুৱক আটক

IMG 20230319 183002

Chhayagaon :

দক্ষিণ কামৰূপৰ ছয়গাঁৱত গাঞ্জা সহ এজন যুৱকক আটক কৰে ছয়গাঁও আৰক্ষীয়ে । ছয়গাঁও আৰক্ষীৰ এক গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত জব্দ ১১ কিলো ওজনৰ গাঞ্জা সহ সঞ্জীৱ বড়ো (২১) নামৰ এজন যুৱক ।

যুৱকজনৰ ঘৰ বাটাকুছীত । ছয়গাঁৱৰ কুলচী মেঘালয় পথত গাঞ্জা লৈ গৈ থকা অৱস্থাত ছয়গাঁও আৰক্ষীয়ে আটক কৰে যুৱকজনক ।

সম্প্ৰতি ছয়গাঁও থানাৰ আৰক্ষী বিষয়া ভগৱান ডেকাই জেৰা অব্যাহত ৰাখিছে সঞ্জীৱ বড়োক । গাঞ্জা খিনিৰ বজাৰ মূল্য দুই লাখ হ’ব বুলি অনুমান কৰা হৈছে ।

Exit mobile version