Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 10

Horoscope :

মেষ : বন্ধু-বান্ধৱৰ লগত মন খুলি ক’লেও মূল কথা ব্যক্ত নকৰিব। কোনো নভবা প্ৰসংগই আমনি দিব পাৰে। বিদ্যাৰ চেষ্টাত সুফল।

বৃষ : উন্নত পৰিৱেশ অনুভৱ। বিদ্যাত চিন্তিত দেখা যায়। কৰ্মস্থানত শুভ। আর্থিকত মধ্যম।

মিথুন :কিছু আহুকালৰ মাজেদি সদা প্ৰয়োজনীয় কর্ম সম্পাদিত হ’ব। শৰীৰ ভালে নাযাব পাৰে। যোগাযোগত আশানুৰূপ ফল পোৱাত কষ্ট পাব।

কর্কট :ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেব অশান্তি দেখা যায়। দাম্পত্যতো তেনে আভাস আছে। শৰীৰ মধ্যম। বন্ধু-বান্ধৱৰ সংবাদত সুখ।

সিংহ : পাৰিবাৰিক কাৰণত মনটো ভালে নাথাকিব। শৰীৰ পূৰ্বৰ তুলনাত শুভ। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যত কিছু চিন্তা থাকিব।

কন্যা :উৎকণ্ঠাৰ দিন হ’লেও আপুনি দৃঢ়তা ৰাখক। আনৰ ওপৰত নিৰ্ভৰ কৰা বৰা সন্তুষ্ট নহ’ব। বিদ্যাৰ্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক। ব্যৱসায়ত মধ্যম। প্ৰেমত আনন্দ।

তুলা : কৰ্মত তৎপৰতা থাকিব। কিন্তু শৰীৰো ভালেৰে নাযাব পাৰে। পঢ়া-শুনাতো বেয়া নহ’ব। প্ৰেম-প্রীতিত উচিত কথাত বাধা। বিয়াৰ সংকেত।

বৃশ্চিক :প্রাপ্য ধন আদায়ৰ সুযোগ পাব। কর্মক্ষেত্ৰত আকস্মিক কোনো বাধা সুচিত হ’ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সুফল আশা কৰিব পাৰে। প্ৰেমত আবেগ।

ধনু :জ্ঞাতি-কুটুম্বৰ বাবে কোনোৰ মনত সন্দেহ হ’ব পাৰে। বন্ধুৰ সহায়। প্ৰেম-প্ৰীতি চলোৱা সকলে বিবাহৰ কথা ভাবিব পাৰে। ঘৰুৱা মধ্যম।

মকৰ : আজি বহুক্ষেত্ৰত মজলীয়া ফল আশা কৰিব পাৰে। বিদ্যাতো তদনুৰূপ। আৰ্থিকত যোগাযোগ কৰিলে উপকৃত হ’ব পাৰে। বিদ্যাতো কম যদিও ব্যস্ততা থাকিব।

কুম্ভ : শৰীৰ আৰু পৰিৱেশত খুব এটা ভাল প্ৰভাৱ নাই। দুশ্চিন্তা থাকিব। কিন্তু সামগ্রিক ফলত কষ্ট নাপাব। দায়িত্বপূর্ণ কামত সক্রিয় সহযোগ হয়তো দিব নোৱাৰিব। বিদ্যাত উৎসাহ।

মীন : আগবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে। অৱশ্যে পিছবেলা তাৰ কিছুও লোটা ফল দেখিব। প্রয়োজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে থাকিব। শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব।

Exit mobile version