Bhangagarh Accident:নিশা মহানগৰীৰ ভঙাগড় উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা

দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী

WhatsApp Image 2023 03 20 at 12.39.14

Bhangagarh Accident:

নিশা হ’লেই মহানগৰীত একাংশ অপৈনত ডাম্পাৰৰ অতপালিয়ে পথচাৰীৰ বাবে যমদূত সদৃশ হৈ পৰিছে ৷
দেওবাৰে মহানগৰীৰ ভঙাগড়ত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় এজন যুৱক।

ভঙাগড় উৰণীয়া সেতুত দ্ৰুতবেগী ডাম্পাৰে মহটিয়াই নিলে এজন বাইক আৰোহীক। ফলস্বৰূপে থিতাতে নিহত হয় এজন বাইক আৰোহী গৰাকী।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ এএছ০১-এম চি ৪৯১৯ ৷ উল্লেখ্য যে ,দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰ খন লৈ পলায়ন কৰে চালকজন ৷

ইতিমধ্যে ভঙাগড় আৰক্ষীয়ে ডাম্পাৰ খনৰ সন্ধানত অভিযান চলাইছে ৷

Exit mobile version