Multi village piped water supply scheme : ভূটানৰ নৈৰ পানীৰে অসমত বিশুদ্ধ খোৱা পানীৰ অভিলাসী আঁচনি

women and children collect water in rural india

Women and children gather to collect water from a stand post installed in Khapri Pani Village in Bajag, Dhindori, Madhya Pradesh, India, february 2019.

Multi village piped water supply scheme :

ভূটানৰ পাহাৰ পৰা বৈ অহা নদীৰ পানী বোৱাই নি অসমৰ ভূমিত খোৱা পানীৰ প্ৰকল্প স্থাপনৰ বাবে দেওবাৰে ভূটানৰ চৰকাৰৰ পৰা এন ও চি বিচাৰি ভূটানৰ চামদ্ৰূপ ঝংখাৰ উপস্থিত হয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷

চামদ্ৰূপ জিলা প্ৰশাসনৰ ওচৰত আবেদন দাখিল কৰে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ চামদ্ৰূপ ঝংখাৰৰ হোটেল মাউন্টেইনত চামদ্ৰুপ ঝংখাৰ জিলা উপায়ুক্ত তথা ভাৰত-ভূটান মৈত্ৰী সংস্থাৰ বিষয় ববীয়াৰ লগত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয় বিধান সভাৰ অধ্যক্ষ দৈমাৰী সহ ওডালগুৰি জিলা প্ৰশাসন আৰু জলজীৱন মিছনৰ বিষয়া সকল ৷

চানদ্ৰূপ জিলা প্ৰশাসনৰ স’তে হোৱা সৌহাৰ্দ্য মুলক আলোচনাৰ অন্তত তামুলপুৰৰ দৰংগামেলাত সংবাদ মাধ্যমৰ আগত বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কয়, মোৰ নিজ গৃহ সমষ্টি ওদালগুৰী জিলাৰ পানেৰীৰ ভাৰত ভূটান সীমান্তৰ উত্তৰাঞ্চলত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে জনসাধাৰনৰ মাজত হাঁহাকাৰ কৰিব লগা আছিল ৷

জনসাধাৰণৰ খোৱা পানীৰ সমস্যা সমাধানৰ বাবে কিছু আঁচনি পূৰ্বতে গ্ৰহন কৰা হৈছিল যদিওঁ জনসাধাৰণ উপকৃত হ’ব পৰা নাছিল ৷ পানেৰী সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পুনৰ কয়, অঞ্চলৰটোৰ খোৱা পানীৰ সমস্যা সমাধান কৰিবলৈ জলজীৱন মিছনৰ দ্বাৰা সমষ্টিটোৰ অন্তৰ্গত ভাৰত – ভূটান সীমান্তৰ ভূটীয়া চাঙৰ পৰা আৰম্ভ কৰি দেউচুঙালৈ ওদালগুৰী-তামুলপুৰ গড়কাপ্তানি পথৰ উত্তৰ অংশত বিশুদ্ধ খোৱা পানীৰ সু-ব্যৱস্থা কৰিবলৈ ঠিৰাং কৰি জল জীৱন আঁচনিৰ অধীনত ১৭৫ কোটি টকা ব্যায় সাপেক্ষে
‘“ননৈ মাল্টি ভিলেজ পাইপ ওৱাটাৰ চাপ্লাই স্কীম”
এখন বৃহৎ আঁচনি হাতত লৈছে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৷

এই আঁচনি খনৰ উৎস হৈছে ভূটান পাহাৰৰ পৰা বৈ অহা নোনাই নদীৰ উৎস জালিমুখ ৷ নোনাই নদীৰ উৎসৰ পৰা প্ৰাকৃতিক পানী সংগ্ৰহ কৰি পাইপেৰে আনি সেই পানী নামনিত শোধন কৰি বৃহত্তৰ অঞ্চলত টোৰ পূৰ্বৰ ১৬৯ আৰু নতুনকৈ নিৰ্মান কৰা ৪২ খন পানীযোগান আঁচনিৰ দ্বাৰা বৃহত্তৰ অঞ্চলৰ ১৯ হেজাৰ পৰিয়ালৰ ডেৰলক্ষাধিক লোকে বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হ’ব ৷

এই ব্যৱস্থা গ্ৰহনৰ বাবে জলজীৱন মিছন আঁচনিৰ অধীনত চামৰাঙ আৰু নোনাইখুঁটি ত দুখন আঁচনি হাতত লৈছে ৷ নোনাই নদীৰ ভূটানৰ ভিতৰৰ উৎসৰ পৰা পানী আহৰন কৰি আঁচনি খন সফল কৰিবলৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সহায় বিচাৰি বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে দেওবাৰে ভূটানৰ জিলা প্ৰশাসনৰ ওচৰত উপস্থিত হৈ এখন এন ও চি বিচাৰে যাতে আঁচনি খনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰিব পাৰে বুলি সদৰি কৰে ৷কালিৰ আলোচনা বেচ সৌহাদ্যপূৰ্ণ আছিল বুলি অধ্যক্ষ গৰাকীয়ে দুই এদিনতে ভূটান ৰ চামদ্ৰুপ ঝংখাৰ জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহন কৰিব বুলি আশা প্ৰকাশ কৰে ৷

পৰবৰ্তী পৰ্যায়ত বিটিআৰৰ ভূটান সীমান্তবৰ্তী অঞ্চল সমুহতো এনে ধৰনৰ প্ৰকল্প গ্ৰহন কৰাৰ কথা ঘোষনা বিশ্বজিত দৈমাৰীৰ ৷উল্লেখ্য যে,ভূটানৰ ভিতৰৰ পৰা কে’বা কিলমিটাৰ বৃহৎ পাইপেৰে পানী বোৱাই আনি দুটা পৰ্যায়ত পানী বিশুদ্ধ কৰি বিদ্যু ব্যৱহাৰ নকৰি পোন পটীয়াকৈ মানুহৰ ঘৰে ঘৰে যোগান ধৰা হব খোৱা পানী ৷ ‘“ননৈ মাল্টি ভিলেজ পাইপ ওৱাটাৰ চাপ্লাই আঁচনি খন অহা পহিলা এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিব বুলিও সদৰি কৰে বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে ৷

দেওবাৰে ভূটানৰ চানদ্ৰুপ ঝংখাৰ ভ্ৰমন কালত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগত উপস্থিত থাকে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী ,বিটিআৰৰ এম চি এল এ বিজিত গৗৰা নাৰ্জাৰী, ওডালগুৰি জিলাৰ উপায়ুক্ত চাদনেক সিং,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলাস্থিত কাৰ্যবাহী অভিযন্তা ৰাজীৱ হাজৰিকা, শাখা বিয়য়া তথা কনিষ্ঠ অভিযন্তা নগেন্দ্ৰ ভাৰতী, ,চামদ্ৰুপ ঝংখাৰ জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত দাচো পেমা দৰ্জী,ভূটান-ভাৰত মৈত্ৰী সংস্থাৰ চামদ্ৰুপ ঝংখাৰ অঞ্চলৰ মুখ্য সমন্বয়ক চিৰিং নামগাল সহ আন আন উচ্চ পৰ্যায়ৰ প্ৰশাসনীয় বিষয়া সকল উপস্থিত আছিল ৷

Exit mobile version