Trinamool Congress : চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ তথ্যক নস্যাৎ অসম তৃণমূল কংগ্ৰেছৰ

IMG 20230320 WA0014 1

Trinamool Congress :

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভুৱা তথ্যৰে চমক সৃষ্টি কৰি বা: বা: ল’ব বিচাৰিছে। এই অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই।

দলৰ গুৱাহাটীস্হ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত শৰ্মাই কয়,’শেহতীয়া বাজেটত আৰ্থিক বিকাশৰ বৃদ্ধি হোৱা বুলি কোৱা হৈছে।

বাজেটৰ চমতকাৰ অনুসৰি সম্প্ৰতি ৰাজ্যৰ অৰ্থনৈতিক অগ্ৰগতি ইমানেই ভাল যে এই হাৰত আগবাঢ়ি ২০২৩-২৪ বিত্তীয় বৰ্ষত অসমৰ অৰ্থনৈতিক বিকাশৰ হাৰ‌ হ’বগৈ ৪০ শতাংশ।

কিন্তু এয়া সম্ভৱ নে? শেহতীয়াকৈ ১,৩২,০০০ কোটি টকাৰ ঋণত ককবকাই থকা ৰাজ্যখনত ২০২৩-২৪ বৰ্ষত কি যাদুৰ বলত বিকাশ একেকোবে ৪০ শতাংশ হ’বগৈ?

আনহাতে বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদন ২০২৩-২৪ বৰ্ষত ৫.৫০ লাখ কোটি টকা অতিক্ৰম কৰিব বুলি উল্লেখ কৰিছে। আচলতে ঋণ লোৱাৰ সুবিধা হ’বৰ বাবেই ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জিডিপি বেছিকৈ দেখুৱাইছে।

সাধাৰণতে প্ৰকৃত জিডিপিৰ ওপৰতহে ঋণ ল’ব পাৰে। কিন্তু বাজেটত কাৰেণ্ট জিডিপিহে দেখুৱাইছে। ৰীয়েল জিডিপি কাৰেণ্ট জিডিপিতকৈ ডেৰলাখ কোটি টকা কমকৈ আহে।

আনহাতে বিগত বৰ্ষবোৰত বাজেটত নিৰ্ধাৰণ কৰা ধনৰ বহু শতাংশই অব্যৱহৃত হৈ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে বিত্তমন্ত্ৰী হৈ থকা কালত আগবঢ়োৱা বাজেটত নিৰ্ধাৰণ কৰা প্ৰায় দুই লাখ কোটি টকা অব্যৱহৃত হৈ আছে।

আনহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা তিনি বছৰৰ ভিতৰত অসমে পঞ্জাৱক চেৰ পেলাব বুলি কৈছে। কিন্তু এয়াও অবাস্তৱ কথা। কিয়নো অসমৰ ৭৫ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল।কিন্তু মুঠ ঘৰুৱা উৎপাদনত ২০১১-১২ বৰ্ষত কৃষি খণ্ডৰ অৰিহণা ১৯.৮৯ৰ পৰা হ্ৰাস পাই ২০২১-২২ বৰ্ষত হৈছেগৈ ১৮.৮ শতাংশ।

আনহাতে অসমৰ কৃষিভূমিত জলসিঞ্চনৰ সুবিধাৰ পৰিমাণ মাত্ৰ ১০ শতাংশ আৰু পঞ্জাৱত এই পৰিমাণ ৯২ শতাংশ। সৰ্বভাৰতীয় হাৰ ৩৫ শতাংশ।

সাৰ প্ৰয়োগৰ ক্ষেত্ৰতো প্ৰতি হেক্টৰত সৰ্বভাৰতীয় ২০৯.৪ কিল’গ্ৰামৰ বিপৰীতে অসমৰ মাত্ৰ ৬৭.৫১ কিলোগ্ৰাম। ইফালে ২০১৪ চনৰ পৰা ২০২১ লৈ নিবনুৱা ১৭,৪৬,৫২০ ৰ পৰা ২২,০০,১২৫ লৈ বৃদ্ধি পাইছে।’

Exit mobile version