Lemon : নেমু টেঙা কিয় খাব লাগে ?

WhatsApp Image 2023 03 21 at 17.06.34

Lemon :

নেমু টেঙাত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট ফ্লেভোনয়েড সমৃদ্ধ। সেই বাবে কোষসমূহ ক্ষতিসাধন ‘হোৱাৰ পৰা ৰক্ষা কৰে। শৰীৰৰ কোষসমূহ সুৰক্ষিত হৈ নাথাকিলে অংগ-প্রত্যংগসমূহে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব নোৱাৰে।

ADVERTISEMENT

শৰীৰত সৃষ্টি হোৱা ফ্ৰীৰেডিকেল সমূহে এই কোষসমূহ ধ্বংস কৰাৰ ফলত বিভিন্ন সমস্যাই গা কৰি উঠে। এইবোৰৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিয়মীয়াকৈ নেমু খাব লাগে।

ফ্লেভোনয়ডে ৰক্ত সঞ্চালনতো সহায় কৰে। তদুপৰি ইনছুলিন নিঃসৰণতো বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা যায়। অক্সিডেটিভ ষ্ট্ৰেচ হ্ৰাসতো ই সহায় কৰে।

কিডনী বা বৃক্কত পাখৰ জমা হোৱাত বাধা দিয়ে নেমু টেঙাই। ইয়াত থকা চাইট্রিক এচিডে কিডনীত পাখৰ জমা হোৱাত ব্যাঘাত জন্মায়।

কিডনীত মূলতঃকেলছিয়াম অক্সালেটৰ বাবে পাখৰ হয়। মানসিক স্বাস্থ্য অটুট ৰখাতো নেমুৰ ভূমিকা আছে।

যিসকলৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে তেওঁলোকে নিয়মীয়াকৈ নেমু খোৱা উচিত। নেমুত থকা বিভিন্ন উপাদানে হজম শক্তি স্বাভাৱিক কৰি ৰাখে। শাৰীৰিক শক্তি তৎক্ষণাত বৃদ্ধি কৰিব পৰা বিভিন্ন উপাদানো থাকে নেমু টেঙাত।

সেই বাবে খেলা-ধূলাৰ সময়ত বহুতেই নেমুৰ ৰসযুক্ত পানীয় আদি সেৱন নেমু টেঙা কিয় খাব কৰে। শাৰীৰিক- মানসিক দুয়োটা শক্তিয়েই বৃদ্ধি কৰে।

নেমুত ভিটামিন ‘চি’ থাকে। এইবিধ ভিটামিনে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। চর্দি, কাহ আদিৰ উপৰি বিভিন্ন ৰোগৰ ভাইৰাছ বেক্টেৰিয়া আদিক প্ৰতিৰোধ।কৰিব পৰা শক্তি আছে।

সদায় পুৱা কুহুমীয়া পানীত নেমুৰ ৰস মিহলাই খালে শৰীৰত পি এইছৰ পৰিমাণ ভাৰসাম্য হৈ থাকে। ইয়াত এণ্টি বেক্টেৰিয়েল উপাদান থকা বাবে সংক্রমণ আদি প্ৰতিৰোধ কৰাটো সম্ভৱ। শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়ে নেমুৰ বিভিন্ন উপাদানে

নেমুত ভিটামিন ‘চি’ৰ উপৰি পটাছিয়াম, কেলছিয়াম, ফছফ’ৰাছ, মেংগানিজ আদি থাকে বাবে স্নায়ু সক্ৰিয় হৈ থাকে। তদুপৰি ৰক্তচাপো নিয়ন্ত্ৰণ কৰে। দাঁতৰ বিষ বা জিঞ্জিভাইটিছ প্ৰতিৰোধ কৰে। হজম শক্তিও স্বাভাৱিক কৰি ৰাখে।

Exit mobile version