GMC Chief Engineer Arrested :
পুনৰ এজন চৰকাৰী বিষয়াই হাত দাঙিলে গুৱাহাটীত ৷ ঘোচ লওঁতেই হাতে লোটে আটক কৰে দুনীৰ্তি নিবাৰক শাখাই ৷ ৪০০০ টকা ঘোচ লৈ জালত পৰা বিষয়াজন হ’ল গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্ৰজিত বৰা।
ADVERTISEMENT
এজন লোকৰ পৰা চাৰি হেজাৰ টকা লওতেই পুৰ্বৰে পৰে খাপ পিটি থকা দুনীৰ্তি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে জি এম চিৰ মুখ্য অভিযন্তা জনক পানবজাৰস্থিত পৌৰ নিগমৰ কাৰ্যালয়তে । ইতিমধ্যে ধৃত অভিযন্তাজনক জেৰা অব্যাহত ৰাখিছে দুনীৰ্তি নিবাৰক শাখাৰ বিষয়া ৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মুখ্য অভিযন্তা ইন্দ্ৰজিত বৰাই ঠিকাদাৰৰ পৰা কামৰ বিনিময়ত বৃহৎ পৰিমাণৰ ধন দাবী কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷ অৱশেষত ঘোচখোৰ অভিযন্তাজন দুনীৰ্তি নিবাৰক শাখাৰ জালত পৰাত সন্তোষ পাইছে ঠিকাদাৰ সকলে ৷