Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 12

Horoscope :

মেষ : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে। অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব। পাৰিবাৰিক সমস্যা থাকিব।

বৃষ :কৰ্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায়। নিজে ভবা মতে সকলো দিশেই ভাল ফল নাপাব। ভ্রমণাদিত অন্যমনস্ক নহ’ব।

মিথুন : আজি কিছু ফৰকাল। বিদ্যাৰ্থীৰ বাবেও বেয়া নহ’ব। তথাপি আপোন কোনো মানুহৰ স’তে মানসিক দণ্ডৰ সৃষ্টি হ’লেও ক্ষতিকাৰক নহ’ব। প্ৰেম-প্ৰণয়ত শুভ।

কর্কট : কামত উৎসাহ পাব। ঘৰুৱা দিশতো সহানুভুতি থাকিব। দাম্পত্যত কিছু সমস্যা থাকিলেও দুশ্চিন্তা নাই। নিজে সক্রিয় ভূমিকা ল’লে অসম্পূর্ণ বিষয়ত অগ্রগতি ল’ব।

সিংহ : অলপ সতর্ক হৈ চলক। নতুন কাম-কাজৰ আৰম্ভণিত আহুকাল থাকিব। বন্ধু-বান্ধৱৰ পৰাও ভাল সহানুভূতি নাপাব। শৰীৰৰ দুৰ্বলতা থাকিব। বিদ্যাত মধ্যম।

কন্যা : সাৱধানেৰে কামত আগুৱাওক। শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। দাম্পত্যত নিজৰ আৱেগ অনুভূতিক ৰুক্ষ কৰি নুতুলিব। সন্তানৰ ভালেই। পঢ়া-শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব।

তুলা : সৃষ্টিমূলক চুক্তি আদিত অনুকূলত থাকিব৷ পাৰিবাৰীক মনোভাব ভ্ৰমণৰ উদ্যোগী হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত মজলীয়া ফল পাব। প্রেম-প্রীতিত ভালেই দেখা যায়।

বৃশ্চিক : কিছু পৰিমাণে মনটো ফৰকাল থাকিব। কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্ৰশংসা পাব। ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তত উদ্বেগৰ সৃষ্টি যেন দেখিলে মনোবল বঢ়াওক।

ধনু :ব্যৱসায়ৰ ক্ষেত্ৰত নজৰ ৰাখিব। কিন্তু দাম্পত্যত শাৰীৰিক দুশ্চিন্তা আৰু কর্মক্ষেত্ৰত বাধা আহিব পাৰে। বিদ্যাত শুভ। প্রেম-প্ৰণয়ত আনন্দ।

মকৰ : আর্থিক দিশত খৰচৰ মাত্ৰা অত্যাধিক হ’ব যদিও ব্যৱসায়-বাণিজ্যত আয়ৰ মাত্রা বৃদ্ধি পাব। বিদ্যাত পাৰিবাৰিক বাধা আহিব পাৰে। প্ৰেম-প্ৰণয়ত শুভ।

কুম্ভ :অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা। আর্থিক দিশত বন্ধুৰ দ্বাৰা ক্ষতি হ’ব পাৰে। বিদ্যাত সফলতা পাব। প্রেম-প্ৰণয়ত আৱেগ বৃদ্ধি পাব।

মীন : শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই। নানা শুভ সংবাদ আৰু আনন্দৰ মাজেৰেই দিনটো পাৰ হ’ব। চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। বন্ধুবৰ্গৰ কৰা প্ৰত্যাৰিত হ’ব পাৰে।

Exit mobile version