Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 14

Horoscope :

মেষ : স্থান পৰিৱৰ্তন। মেষ : পিচবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে প্রয়োজনীয় ক্ষেত্ৰত সেয়া সাৱধানে চলক। দাম্পত্যত মধ্যম। শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব।

বৃষ : সন্মান হানি হ’ব পাৰে। পুৰণা মোকদমাত জয় হোৱাৰ আশা আছে অনাকাংক্ষিত সমস্যাত পৰিব পাৰে। শৰীৰ সুস্থ থাকিব। টকা-পইচাৰ অভাৱ পাব।

মিথুন : মনত হতাশা ভাৱ। পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰা উচিত। ব্যৱসায়- বাণিজ্য মধ্যম। ব্যয় বৃদ্ধি হ’লেও যুক্তিসংগত কাৰণ থাকিব।

কর্কট : ৰাজহুৱা কামত ব্যস্ত। সহযোগীৰ সহায়ত উৎসাহ পাব। প্ৰতাৰৰ বাবে দুশ্চিন্তা থাকিব। কর্মস্থানত আয় বৃদ্ধিৰ কাৰক। নতুন কোন উদ্দেশ্যত সফল হ’ব। শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি ৷

সিংহ : প্ৰেমত আনন্দ। অভিনৱ পৰিকল্পনাৰ সুদক্ষ ৰূপায়ণ আৰু মান-সন্মান বৃদ্ধি। কৰ্ম আৰু ধৰ্মত সমভাৱে আসক্ত হ’ব পাৰে। দাম্পত্য সম্পর্ক শুভ ধনাভাৱ যথাযথ। বিদ্যানুৰাগীৰ উন্নতি। পৰিৱৰ্তন শীল কর্মযোগ দেখা যায় কন্যা : আয় বৃদ্ধি।

তুলা : কামত কৃতকার্যতা। কর্মস্থানত শুভাশুভ প্ৰভাৱ দেখা যায়। নতুন কামত মন দিব পাৰিব। সামগ্রিক ক্ষেত্ৰত বৃদ্ধিৰ প্ৰসাৰ লাভ। পূৰ্বতকৈ সামান্য অনুকূল। বৃশ্চিক : গৃহ সুখ। শৰীৰ বৰ ভাল লাগি নাথাকিব। আর্থিকত কঠিনতাৰ মাজে চলিব লাগিব। কর্মত বাধা দেখিব। প্রিয় লোকৰ স’তে আলাপ ।

ধনু : শিক্ষকৰ সুনাম। নাৰীৰ বাবে দিনটো শুভ। মাটি-বাৰীৰ সম্পৰ্কে সু সংবাদ লাভ কৰিব। বিদ্যাত শুভ। ভ্ৰমণ কৰিব পাৰে।

মকৰ : গীত-মাতত ব্যস্ত। উন্নত সংযোগ। ভ্ৰমণত সাধাৰণ ব্যাঘাত। আর্থিকত যিমান আশা কৰিব তাৰ কিয়দংশ হে মৃদু পূৰণৰ আশা। দিনৰ ১০ বজাৰ পৰা এঘন্টা সময় কাৰ্যকৰী।

কুম্ভ : পৰোপকাৰী মনোভাৱ। মনটো ধীৰে ধীৰে ভালৰ পিনে আহিব ব্যৱসায়ত চিন্তাৰ কাৰণ নাই। কৰ্মস্থান শুভ বুলি ক’ব পাৰি অৰ্থভাগ্যব সুযোগ।

মীন : দাম্পত্য সুখ। হাতত লোৱা কাৰ্যসূচীৰ সুস্থ সমাধান পাব। সুচিন্তা আৰু আপোনাৰ ভদ্রতাৰ বাবে অনুকূলতাৰ প্ৰভাৱ পেলাব। নতুন কোনো আশা পূৰণ হ’ব ৷

Exit mobile version