Dispur College : দিছপুৰ মহাবিদ্যালয়ত ‘লিংগ ক্ষমতা’ শীৰ্ষক বক্তৃতা অনুষ্ঠান

5 5 2022 14 30 58 461

Dispur College :

মহানগৰীৰ দিছপুৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ‘ ইক ‘ স্পিক ফৰামে ‘ মহিলা কোষৰ সহযোগত ষষ্ঠ বৰ্ষপুতি উপলক্ষে লিংগ সমতাৰ ওপৰত এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ উপাধাক্ষ্যা ড° সুনিতা আগৰৱালাই আৰু অনুষ্ঠানটোৰ আঁত ধৰে অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ড ° মনালিছা ভট্টাচাৰ্য্যই । মুখ্য বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ গৱেষক ছাত্ৰ প্ৰকাশ দাসৰ ।

উল্লেখযোগ্য যে , উক্ত অনুষ্ঠানটোত বিভাগৰ সমূহ অধ্যাপক, ছাত্ৰ – ছাত্ৰী , মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপিকা ড ° ৰীতা শৰ্মা প্ৰমুখ্যে আভ্যন্তৰীণ গুণগত মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড ° অজয় মিত্ৰ উপস্থিত থাকে ।

বক্তৃতানুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অৰবিন্দ বৰাৰ পৰিচালনাৰে ছাত্ৰ – ছাত্ৰীৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । অনুষ্ঠানৰ শেষত বক্তৃতানুষ্ঠানৰ বিজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদানেৰে সামৰণি পৰে অনুষ্ঠানটোৰ ।

Exit mobile version