NSCN Cadre Escapes From Jail:অৰুণাচলত অঘটন !

কাৰাগাৰৰ পৰা পলায়ন দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ,কৰ্তব্যৰত নিৰাপত্তাৰক্ষীক হত্যা কৰি পলায়ন

WhatsApp Image 2023 03 27 at 13.00.40

NSCN Cadre Escapes From Jail :

চুবুৰীয়া ৰাজ্য অৰুণাচলৰ খুনছাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ কাৰাগাৰৰ পৰা পলায়ন দুই দুৰ্ধৰ্ষ উগ্রপন্থী ৷
কাৰাগাৰত বন্দী হৈ থকা এন এছ চি এনৰ কেডাৰে নিৰাপত্তাৰ দায়িত্বত থকা আই আৰ বি এনৰ কেডাৰ এজনক গুলীয়াই হত্যা কৰি পলায়ন কৰে ৷

এন এছ চি এনৰ কেডাৰ দুজনে জোৱানজনৰ এ কে ৪৭ ৰাইফলো কাঢ়ি নিয়ে ৷ পলায়ন কৰা বিদ্ৰোহী কেডাৰ দুজন হ’ল এন এছ চি এন(কে)ৰ টিপটু কিটন্যা আৰু ৰকছন হোমছা ৷

ইতিমধ্যে এই ঘটনাই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে খুনছাত ৷ পলায়ন কৰা বিদ্ৰোহী কেডাৰ দুজনৰ সন্ধানত আৰক্ষীয়ে আৰু অৰ্ধ সামৰিক বাহিনীয়ে যৌথ অভিযান চলাইছে ৷ আনহাতে ঘটনা সন্দৰ্ভত অৰুণাচল চৰকাৰে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে ৷

Exit mobile version