ECI Pressmeet In Guwahati : ৰাজ্যত সমষ্টি পুনৰ্নিধাৰণ সন্দৰ্ভত আছু- যুৱ-ছাত্ৰ পৰিষদ সহ বিভিন্ন ৰাজনৈতিক দলৰে বৈঠক নিৰ্বাচন আয়োগৰ

2f74ae77 c4d4 427a 8ffa fc60fb414420

ECI Pressmeet In Guwahati :

তিনিদিন ধৰি গুৱাহাটীত বাহৰ পাতি থকা দেশৰ তিনিজনীয়া নিৰ্বাচন আয়োগৰ দলটোৱে মহানগৰীৰ হোটেল ৰেডিশ্বন ব্লু’ত বাহৰ পাতি সমষ্টি পুনৰ্নিধাৰণৰ খচৰা সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰে বিভিন্ন দল – সংগঠন আৰু ব্যক্তি বিশেষৰ ৷

উল্লেখ্য যে ৰাজ্যত অব্যাহত আছে সমষ্টি পুনৰ্নিধাৰণ সন্দৰ্ভত ব্যাপক চৰ্চা ৷ এনে সময়তে দেশৰ নিৰ্বাচন আয়োগৰ তিনি শীৰ্ষ বিষয়াৰ গুৱাহাটী পদাৰ্পণে বিশেষ তাৎপৰ্য বহন কৰিছে ।

নিৰ্বাচনী আয়োগে খচৰা ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ পূৰ্বে ৰাজ্যত এনেদৰে উপস্থিত হয় আয়োগৰ দলটো । আয়োগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে ৰাজহুৱাভাৱে খচৰা প্ৰকাশ কৰাৰ পাছত পুনৰ নিৰ্বাচনী আয়োগ আহিব অসমলৈ ।

পৰৱৰ্তী সময়ত পুনৰ নিজৰ মতামত দাঙি ধৰিব পাৰিব বিভিন্ন দল-সংগঠনেমনকৰিবলগীয়া যে, ৰাজ্যত সমষ্টি পুনৰ্নিধাৰণ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে আয়োগৰ সন্মুখত পোনপটীয়াকৈ নিজৰ নিজৰ মত উপস্থাপন কৰিছিল আছু,অসম জাতিয়তাবাদী যুৱ- ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল,কে এম এছ এছ৷

আনহাতে আজি ৰেডিশ্বন ব্লু’ত পুৱা ন বজাৰ পৰা নিৰ্বাচন আয়োগৰে এক বৈঠকত মিলিত হয় ৰাজ্যৰ নটাকে ৰাজনৈতিক দল সহ ৬০ টা বিভিন্ন দল-সংগঠন ৷

শাসনাধিষ্ঠি বিজেপিৰ স’তে অগপ,ইউ পি পি এলৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দল আপ,চি পি আই এম ,চি পি আই,ৰাইজৰ দল,এআই ইউ ডি এফ ,তৃণমূল কংগ্ৰেছ আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বিপৰীতে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আয়োগৰ বৈঠক বৰ্জন কৰি বিৰোধিতা কৰে সমষ্টি পুনৰ্নিধাৰণ প্ৰক্ৰিয়া ৷ একেদৰে ৰাজ্যৰ আন পাঁচ ৰাজনৈতিক দলেও বৈঠকত উপস্থিত থাকি সমষ্টি পুনৰ্নিধাৰণ প্ৰক্ৰিয়া বিৰুদ্ধে নিজৰ মত প্ৰকাশ কৰে ৷

ইয়াৰ পাছতে আয়োগৰ তিনি শীৰ্ষ বিষয়াই সম্বোধন কৰে এক সংবাদমেল ৷দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলত উল্লেখ কৰে যে, সমষ্টি পুনৰ্নিধাৰণ সম্পৰ্কত বিভিন্ন জনে নিজৰ মতামত,ওজৰআপত্তি,পৰামৰ্শ মেইল যোগে আয়োগলৈ পঠাৱ পাৰিব ৷ অৱশ্যে এই ব্যৱস্থা ১৫ এপ্ৰিল লৈকেহে বাহাল থাকিব ৷

ৰাজিব কুমাৰে সদৰি কৰা মতে,জনপ্ৰতিনিধি আইনৰ আধাৰত কৰা হ’ব সমষ্টি পুনৰ্নিধাৰণৰ কাম৷একেদৰে বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চল, ষষ্ঠ অনুসূচীৰ নিয়ম সমূহ সমষ্টি পুনৰ্নিধাৰণৰ প্ৰক্ৰিয়াত বাহাল থাকিব । মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে তাৎপৰ্যপূৰ্ণ ভাৱে উল্লেখ কৰে যে সমষ্টি পুনৰ্নিধাৰণৰ প্ৰক্ৰিয়া ২০০১ চনৰ লোক পিয়ল অনুসৰি নহ’ব ৷

শেহতীয়া লোকপিয়লৰ মতেহে হ’ব সমষ্টি পুনৰ্নিধাৰণ ৷ ইতিমধ্যে আয়োগৰ ওচৰত বহু কেইটা জাতীয় দল-সংগঠনে সমষ্টি বৃদ্ধিৰ সমৰ্থনত নিজৰ মত ব্যক্ত কৰে ৷ সংবাদমেলত দুই আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেল উপস্থিত থাকে৷

স্মতৰ্ৱ্য যে, পুৱাৰ ভাগত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ সহ আয়ুক্তদ্বয় অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত উপস্থিত হৈ মাৰ শ্ৰী চৰণত পূজা-অৰ্চনা কৰি হোটেল ৰেডিশ্বন ব্লু’লৈ উভতি আহে ৷

Exit mobile version