Hanuman Jayanti Festival To Be Held In Nagaon From 6 April :নগাঁৱত ৬ এপ্ৰিলৰ পৰা হনুমান জয়ন্তী উৎসৱৰ আয়োজন

WhatsApp Image 2023 03 28 at 12.19.17

Hanuman Jayanti Festival To Be Held In Nagaon From 6 April :

নগাঁও চহৰৰ মাজমজিয়াৰ হয়বৰগাঁৱস্থ শ্ৰীমন্ত শঙ্কৰদেৱ পথত থকা হনুমান মন্দিৰত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অহা ৬, ৭, ৮, ৯ এপ্ৰিল তাৰিখে চাৰিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে হনুমান জয়ন্তী উৎসৱৰ আয়োজন কৰা হৈছে।

এইবেলি ৭২ তম বৰ্ষত পদাৰ্পন কৰা উৎসৱৰ ৬ এপ্ৰিলৰ দিনা পুৱাৰে পৰা পূজা-অৰ্চনাকে ধৰি অন্যান্য কাৰ্যসূচীৰ লগতে সন্ধিয়া ৫.৩০ বজাত হনুমান জয়ন্তী উৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই ।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। অনুষ্ঠিতব্য এক ধর্মসভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব অৱসৰপ্ৰাপ্ত উপায়ুক্ত তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে।

আয়োজক সমিতিৰ সভাপতি তথা নগাঁৱৰ প্ৰাক্তন পৌৰপতি প্ৰহ্লাদ ৰায় তোদীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া এই সভাত কেইবাগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব। সভাৰ অন্তত ওৰেনিশা বজৰঙ্গ ভজন মণ্ডলী আৰু পৱন শৰ্মাৰ দ্বাৰা ভজন-কীৰ্ত্তন অনুষ্ঠান অনুষ্ঠিত হ’ব।

৭ এপ্ৰিলৰ বিয়লি ২ বজাত হনুমান মন্দিৰৰ সন্মুখৰ পৰা এক বিশাল শোভাযাত্রা উলিওৱা হ’ব। এই শোভাযাত্ৰাত মোৰাদাবাদৰ মনু এণ্ড পার্টী দলে বিশেষ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। সন্ধিয়া ৬ বজাত মৰিগাঁও জিলাৰ চৰাইবাহী খাইগৰীয়াৰ ‘শ্যামকানু দিহানাম দল’ৰ দ্বাৰা নাম পৰিৱেশন ৷ মুখ্য নামতি নিহাৰিকা দেৱী আৰু শিশু নামতি শ্রীগৌৰীশংকৰ নাথ উক্ত দলত অংশগ্ৰহণ কৰিব।

৮ আৰু ৯ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা মোৰাদাবাদৰ মনু এণ্ড পাৰ্টী দলে নৃত্য-নাটিকা অনুষ্ঠান পৰিৱেশন কৰিব। ৮ এপ্রিল তাৰিখে সন্ধিয়া ৮-৩০ বজাৰ পৰা গৌৰৱ দত্তৰ দ্বাৰা বিশেষ ভজন পৰিৱেশন কৰা হ’ব। ৯ এপ্রিল তাৰিখে সন্ধিয়া ৮-০০ বজাৰ পৰা লক্ষ্ণৌৰ খ্যাতনামা শিল্পী বিভা মিশ্ৰাৰ দ্বাৰা ভজন পৰিৱেশন । ইয়াৰ উপৰি চাৰিওদিনেই মন্দিৰ প্ৰাঙ্গনত ৰামায়ণ পাঠ অনুষ্ঠিত হ’ব। ১০ এপ্ৰিলত যজ্ঞ আৰু পূজা-অৰ্চনাৰে অনুষ্ঠানৰ সামৰণি পৰিব।

উল্লেখ্য যে এই মূল অনুষ্ঠানৰ পূৰ্বে ৪ এপ্ৰিলৰ দিনা পুৱা ১০ বজাত শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পৰা ৩০১ কলহ পানী আনি কৃষ্ণাশ্রম শিৱমন্দিৰৰ পৰা শোভাযাত্ৰাৰে হনুমান মন্দিৰলৈ নিয়া হ’ব বুলি আয়োজক সমিতিৰ যুটীয়া সম্পাদক অজিত মহেশ্বৰীয়ে জনাইছে।

আনহাতে সকলো কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আয়োজক সমিতিৰ হৈ সম্পাদক ৰাজেন্দ্ৰ মুন্দ্ৰাই কামনা কৰিছে ।

Exit mobile version