Jua 27th Conference In Manas:মানাহত জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ ২৭ সংখ্যক দুদিনীয়া অধিবেশনৰ সামৰণি

চেমিম চুলতানা আহমেদ সভাপতি,ধনজিৎ কুমাৰ দাস সাধাৰণ সম্পাদক নির্বাচিত

WhatsApp Image 2023 03 29 at 18.43.24

Jua 27th Conference In Manas :

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী লজত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জার্নেলিষ্ট ইউনিয়ন অফ অসম (জুৱা)ৰ ২৭ সংখ্যক বার্ষিক অধিবেশনৰ আজি সামৰণি পৰে।

এই উপলক্ষে  পুৱা পতাকা উত্তোলন কৰে জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ সভাপতি বেদৱত লহকৰ আৰু স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি চেমিম চুলতানা আহমেদে। তাৰ পাছতেই লহকৰৰ সভাপতিত্বত অনুষ্ঠিত হয় সাধাৰণ সভা।

সাংবাদিক মনোহৰ ৰাজবংশীয়ে উদ্দেশ্য ব্যাখ্যা কৰা আৰু ধনজিৎ কুমাৰ দাসে সম্পাদকীয় প্রতিবেদন পাঠ কৰা সভাত ইণ্ডিয়ান জার্নেলিষ্ট ইউনিয়নৰ সভাপতি গীতাৰ্থ পাঠক, জার্নেলিষ্ট ইউনিয়ন অফ অসমৰ কাৰ্যকৰী সভাপতি চেমিম চুলতানা আহমেদ, পলাশ ৰঞ্জন দাস, সমীৰণ চৌধুৰী, ৰূপম কাকতি ,কেশৱ বৰুৱাকে ধৰি কেবাগৰাকী জ্যেষ্ঠ সাংবাদিকে অংশগ্রহণ কৰে।

সভাত জার্নেলিষ্ট ইউনিয়ন অফ অসমৰ পুৰণি সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। নতুন বি সমিতিখনৰ সভাপতিৰূপে নিৰ্বাচিত হয় চেমিম চুলতানা আহমেদ, সাধাৰণ সম্পাদক ধনজিৎ কুমাৰ দাস, উপ-সভাপতি পলাশ ৰঞ্জন দাস, সমীৰণ চৌধুৰী, অজিত বসুমতাৰী,ৰূপম কাকতি আৰু সবিতা লহকৰ আৰু যুটীয়া সম্পাদক মনোহৰ ৰাজবংশী,জ্যোতিৰ্ময় চক্ৰৱৰ্তী, কোষাধ্যক্ষ কল্লোল শ‍ইকীয়া, প্ৰচাৰ সচিব পল্লৱী শ‍ইকীয়া,মনোৰঞ্জন মৰাণ। মুঠ ৪১ জনীয়া সদস্যবে উক্ত সমিতিখন গঠন কৰা হয়।

উল্লেখ্য সুদীৰ্ঘ ২৭ বছৰৰ মূৰকত জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ নৱগঠিত সমিতিখনত জ্যেষ্ঠ সাংবাদিক চেমিম চুলতানা আহমেদ প্ৰথমগৰাকী মহিলা সভাপতিৰূপে সর্বসম্মতিক্রমে নির্বাচিত হয়।

সভাৰ পাছতেই ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি গীতার্থ পাঠকে সম্প্রতি সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ শিথিলতাৰ ওপৰত মন্তব্য কৰি কয়, ‘আজিৰ দিনত চৰকাৰৰ ফালৰপৰা সাংবাদিকৰ স্বাধীনতা যেনে কথা কোৱাৰ স্বাধীনতা বাতৰি প্ৰকাশ কৰাৰ স্বাধীনতা আদিৰ ওপৰত হেঁচা আৰু আক্ৰমণ আহিছে।

চৰকাৰক যদি আমি সমালোচনা কৰো তেতিয়া চৰকাৰে আমাৰ সাংবাদিক সকলোকেই হওঁক বা সাধাৰণ নাগৰিকেই হওঁক সমালোচনা কৰিব নোৱাৰাকৈ হেঁচা এটা দিয়ে।

কেতিয়াবা এনেকুৱা হৈ আহিছে যে যদি কোনো মন্ত্রী-বিধায়কে কোনো চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গাফিলতি কৰে তেতিয়া সাংবাদিকে নিজৰ কৰ্তব্যৰ ভিতৰত থাকি প্ৰশ্ন কৰে যে আপুনি দিয়া প্রতিশ্রুতি মতে কামবোৰ হৈ নুঠিল কিয় তেতিয়া সেই সাংবাদিক গৰাকীকেই ভয়-ভীতি দেখুৱাই চৰকাৰী কামত বাধা দিয়া বুলি পুলিচ লগাই গ্ৰেপ্তাৰ কৰা হয় ।

তেতিয়া বুজিব লাগিব যে আমাৰ দেশত সাংবাদিকৰ স্বাধীনতা সংকুচিত হৈ আহিছে। আমি আশা কৰিম চৰকাৰে যাতে মুক্ত সাংবাদিকতাক মূল্য দিয়ে।

দুদিনীয়া অধিবেশনৰ কাৰ্যসূচীমৰ্মে মঙলবাৰে সন্ধিয়া শিবিৰ মুকলিৰ লগতে প্রতিনিধি সভা অনুষ্ঠিত হয়।

Exit mobile version