Distribution Of Financial Grants To 370 Gardens:৩৭০ বাগিচালৈ আৰ্থিক অনুদান বিতৰণ চাহ শ্ৰমিকৰ অনাদায় বিদ্যুৎ বিল আদায় দিব ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী

আগন্তুক তিনিটা বিত্তীয় বৰ্ষৰ বাবে চাহ বাগিচাক কৃষি আয়কৰ ৰেহাই

WhatsApp Image 2023 03 31 at 13.56.45

Distribution Of Financial Grants To 370 Gardens :

অসম চাহ উদ্যোগ বিশেষ উদগনিমূলক আঁচনি ২০২০ৰ অধীনত ৩৭০খন চাহ বাগিচালৈ আজি জনতা ভৱনত এক অনুষ্ঠানত আর্থিক অনুদান বিতৰণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই । অসম চাহ উদ্যোগ বিশেষ উদগনিমূলক আঁচনি ২০২০ৰ অধীনত ৩৭০খন চাহ বাগিচালৈ মুঠ ৬৪.০৫ কোটি টকা প্ৰদান কৰা হয়।

উল্লেখ্য যে এই আঁচনিখনঅসম চৰকাৰে চাহ উদ্যোগৰ ওপৰত ক’ভিড-১৯ অতিমাৰীৰ বিৰূপ প্ৰভাৱ হ্ৰাসৰ উদ্দেশ্যেৰে প্ৰস্তুত কৰিছিল। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চাহ উদ্যোগ অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ ৷ ইয়ে মুঠ ৰপ্তানিৰ প্ৰায় ৯০ শতাংশৰ অৰিহণা যোগায় ।

তেওঁ লগতে কয় যে এক নিযুততকৈও অধিক লোকে প্রত্যক্ষ বা পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিছে। অসমৰ অৰ্থনীতিৰ ওপৰতচাহ উদ্যোগৰ অপৰিসীম প্ৰভাৱৰ বাবে অসম চৰকাৰে এই খণ্ডত বিশেষ উদগনিমূলক আঁচনিৰ জৰিয়তে সামৰি লোৱাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে যাতে এই খণ্ডটোৱে ক’ভিড-১৯ৰ ফলত হোৱা ক্ষতিৰ দিশত কিছু পৰিমাণে সকাহ প্ৰদান কৰিব পাৰে।

আঁচনিখনৰ বিভিন্ন দিশ সম্পর্কত আলোকপাত কৰি মুখ্যমন্ত্রীয়ে কয় যে চিটিচি, অর্থডক্স তথা গুণসম্পন্ন চাহ যেনে গ্রীণ টি, ওলং টি, হোৱাইট টি, য়েল’ টি, পার্পল টি আদি যিকোনো এবিধ চাহ উৎপাদনকাৰী গোটে এই সুবিধা লাভ কৰিব। কাৰ্যকৰী মূলধন ঋণৰ ওপৰত তিনি শতাংশ সুত ৰেহাই দিয়া হৈছে।

তেওঁ কয় যে অর্থডক্স চাহৰ উৎপাদন প্ৰসাৰতো যথাযথ গুৰুত্ব দিয়া হৈছে। এই উদ্দেশ্যেৰে অসম চাহ উদ্যোগ বিশেষ উদগনিমূলক আঁচনিৰ অধীনত প্ৰতি কিলোগ্ৰাম অর্থডক্স আৰু অন্যান্য বিশেষ জাতৰ চাহৰ বাবে ১০ টকাৰ ৰাজসাহায্য অন্তর্ভুক্ত কৰা হৈছে বুলি তেওঁ কয় ।

ৰাজ্যৰ চাহ উৎপাদনৰ দুশ বছৰীয়া জয়ন্তী উপলক্ষে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে প্রতি কিলোগ্রাম অৰ্থডক্স আৰু অন্যান্য বিশেষ গুণসম্পন্ন জাতৰ চাহৰ বাবে অতিৰিক্ত দুটকা নিৰ্ধাৰণ কৰা হৈছে। অন্য গুণসম্পন্ন চাহ আৰু অৰ্থডক্স চাহৰ পুলি আৰু যন্ত্রপাতি খৰচৰ বাবে ২৫ শতাংশ ৰাজসাহায্য আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক তিনিটা বিত্তীয় বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে চাহ বাগিচাৰ পৰা কৃষি আয় কৰ গ্ৰহণ নকৰে, যাতে এই উদ্যোগে এক বিশেষ মাত্ৰা লাভ কৰে।

ৰাজ্যৰ চাহখণ্ডক পূৰ্বতকৈ অধিক গতিশীল কৰি তুলিবলৈ ৰাজ্য চৰকাৰে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰী প্ৰচেষ্টাৰ এই সফলতা কঢ়িয়াই আনিবলৈ হ’লে চাহ উদ্যোগৰ স’তে জড়িত থকা সকলোৱে নিজস্ব দায়িত্ব সঠিকভাৱে পালন কৰিব লাগিব। ৰাজ্যৰ চাহ জনজাতিসকলৰ আৰ্থ-সামাজিক সৱলীকৰণৰ লক্ষ্যৰে অসম চৰকাৰে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

তেওঁ কয় যে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসম চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ ১০ হেজাৰ গৃহৰ মেৰামতিৰ বাবে ১.৫ লাখ টকাকৈ আর্থিক সাহায্য আগবঢ়াব। তেওঁ লগতে কয় যে চাহ বাগিচাৰ পথসমূহৰ উন্নয়নৰ বাবেও ধনৰ আবণ্টন দিয়া হৈছে। শীঘ্ৰে চাহ বাগিচাৰ শ্ৰমিকৰ কোৱাৰ্টাৰ আৰু বাসগৃহত স্মার্ট মিটাৰ স্থাপন কৰা হ’ব আৰু তেওঁলোকৰ এতিয়ালৈকে অনাদায় বিদ্যুতৰ বিল অসম চৰকাৰে অসম শক্তি উন্নয়ন কোম্পানী লিমিটেডক প্ৰদান কৰিব।

চাহ বাগিচাত স্থাপন কৰা আদৰ্শ বিদ্যালয়সমূহে শৈক্ষিকভাৱে পিছপৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ সন্তানৰ বিদ্যায়তনিক দিশৰ উন্নয়ন সাধনত এক বিপ্লৱৰ সূচনা কৰিব। তেওঁ লগতে কয় যে প্রায় ২৫ খন মহাবিদ্যালয় চাহ বাগিচা অঞ্চলত স্থাপন কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে চাহ বাগিচা ব্যৱস্থাপনা আৰু শ্রমিক দুয়োটা পক্ষকে ইজনে সিজনৰ মংগলৰ প্ৰতি দায়বদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।

অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগ, উদ্যোগ মন্ত্রী বিমল বড়া, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, ভাৰতীয় চাহ সংস্থাৰ অধ্যক্ষ নয়নতৰা পাল চৌধুৰী অনুষ্ঠানত উপস্থিত থাকে।

Exit mobile version