Leopard :মানাহত প্ৰায় প্ৰতিদিনে নাহৰফুটুকী দেখাৰ সৌভাগ্য ঘটিছে পৰ্যটকৰ

ট্যুৰিষ্ট গাইড-সাংবাদিকৰ কেমেৰাত বন্দী দুটাকৈ নাহৰফুটুকীৰ গছত জিৰণি লোৱাৰ দৃশ্য

WhatsApp Image 2023 03 31 at 18.00.18 2

Leopard :

বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত এতিয়া সঘনাই নাহৰফুটুকী দেখাৰ সৌভাগ্য ঘটিছে পৰ্যটকৰ।ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত গছৰ ডালত থিয় হৈ থকা অৱস্থাত নাহৰফুটুকী বাঘ দেখি আপ্লুত হৈ পৰিল পৰ্যটক।

মানাহৰ ট্যুৰিষ্ট গাইড অবিনাশ বড়োৰ কেমেৰাত কালি বন্দী হৈছে গছৰ ডালত থিয় হৈ থকা অৱস্থাত এটা প্ৰকাণ্ড নাহৰফুটুকী । মানাহ ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণে এতিয়া আমোদ দিছে পৰ্যটকসকলকো।

ইফালে বন্যপ্ৰাণী ফটোগ্ৰাফাৰ তথা শালবাৰীৰ সাংবাদিক ৰূপক দাস আৰু মানাহৰ ট্যুৰিষ্ট গাইড অমৰ বৰাইকৰ কেমেৰাত ৰাষ্ট্ৰীয় উদ্যানখনত বন্দী হৈছে আন এটা নাহৰফুটুকী ৷

নাহৰফুটুকীটোৱে গছৰ ডালত বিশ্ৰাম লৈ থকাৰ বিনন্দীয়া দৃশ্য বন্দী কৰিবলৈ সক্ষম হৈছে এই দুই সাংবাদিক তথা ট্যুৰিষ্ট গাইডে ৷ একে সময়তে বহু পৰ্যটকেও উপভোগ কৰিলে নাহৰফুটুকীটো বিশ্ৰাম লৈ থকাৰ মনোৰম দৃশ্য ৷

মানাহত এতিয়া প্ৰায়েই পৰ্যটকে এইদৰে নাহৰফুটুকীৰ উপৰি ঢেঁকীয়াপতীয়া বাঘ দৰ্শনৰো সৌভাগ্য লাভ কৰিছে ৷ যি উদ্যান খনৰ বাবে এটা ইতিবাচক খবৰ হিচাপে বিবেচিত হৈছে ৷

Exit mobile version