Twitter : টুইটাৰত সৰ্বাধিক ফল’ৱাৰ লাভ মাস্কৰ : ১৩.৩ কোটিৰো শীৰ্ষস্থানত

WhatsApp Image 2023 04 01 at 13.31.39

Twitter :

অর্বুদপতি এলন মাস্ক মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত সৰ্বাধিক ফল’ৱাৰ থকা ব্যক্তি হিচাপে পৰিচিত হ’ল। টুইটাৰত ফল’ৱাৰ লাভৰ ক্ষেত্ৰত মাস্কে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা আৰু জনপ্রিয় সংগীতশিল্পী জাষ্টিন বীবৰক অতিক্ৰম কৰিলে।

ADVERTISEMENT

২০২০ বৰ্ষত টুইটাৰত সৰ্বাধিক ফল’ৱাৰ লাভৰ অভিলেখ আছিল অ’বামাৰ। সম্প্রতি বিশ্বৰ দ্বিতীয়জন সবাতোকৈ ধনী ব্যক্তি হিচাপে পৰিচিত মাস্কৰ টুইটাৰত ফল’ৱাৰৰ সংখ্যা ১৩.৩ কোটিতকৈ অধিক হ’ল।

গীণিজ ৱ’ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি, টুইটাৰত প্রায় ৪৫০ নিযুত মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰী আছে। টুইটাৰৰ মুঠ ব্যৱহাৰকাৰীৰ ৩০ শতাংশই মাস্কক মাইক্ৰ’ব্লগিং ছাইটটোত ফল’ কৰি আহিছে।

উল্লেখ্য যে ২০২২ৰ ২৭ অক্টোবৰত মাস্কে টুইটাৰ ক্ৰয় কৰিছিল। সেই সময়ত তেওঁৰ টুইটাৰত ১১০ নিযুত ফল’ৱাৰ আছিল আৰু পাঁচ মাহৰ ভিতৰত মাস্কৰ ফল’ৱাৰৰ সংখ্যা ১৩.৩ কোটিলৈ বৃদ্ধি পালে।

Exit mobile version