Rahul Gandhi Bail:
সোমবাৰে চুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত হয় ৰাহুল গান্ধী ৷ মানহানি গোচৰত নিম্ন আদালতে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই চুৰাট সত্ৰ ন্যায়াধীশৰ আদালতত অন্তৰ্ৱতীকালীন স্থগিতাদেশৰ বাবে আবেদন দাখিল কংগ্ৰেছ নেতা গৰাকীয়ে।
আদালতে কংগ্ৰেছ নেতা গৰাকীৰ আবেদন গ্ৰহণ কৰি চলিত মহাত ১৩ এপ্ৰিল পৰ্যন্ত অন্তৰ্ৱতীকালীন জামিন প্ৰদান কৰে ৷
আনহাতে পৰৱৰ্তী শুনানিৰ বাবে দিন ধাৰ্য কৰে ১৩ এপ্ৰিল ৷
উল্লেখ্য যে, চুৰাটৰ নিম্ন আদালতে মানহানি গোচৰ এটাৰ শুনানি লৈ ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড ঘোষণা কৰিছিল ৷
ইয়াৰ পাছতে লোকসভা সচিবালয়ে গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ লগতে চৰকাৰী আবাস গৃহ খালি কৰাৰ নিৰ্দেশনা জাৰি কৰে ৷
আনহাতে সচিবালয়ে পৰৱৰ্তী ৮ বছৰ পৰ্যন্ত কংগ্ৰেছ নেতা গৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰাৰ নিদেৰ্শনা দিয়ে ৷লোকসভা সচিবালয়ে ততাতৈয়াকৈ লোৱা এই সিদ্ধান্তৰ পাছতে দেশজুৰি কংগ্ৰেছ তীব্ৰ আন্দোলন গঢ়ি তোলে ৷
আনকি কংগ্ৰেছী সাংসদ সকলে লোকসভা অধিবেশন বৰ্জন কৰি সংসদ চৌহদত কলা পোচাক পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে ৷