Ashok Sarma :নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰক মন্তব্য

‘আমি অপাত্ৰৰ হাতত ক্ষমতাবোৰ গতাই দিলো নেকি !

e2ec67f8 cc9f 40b7 b4c2 3df721833148

Ashok Sarma :

নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন‌ নিগমৰ অধ্যক্ষ অশোক শৰ্মাই শেহতীয়াকৈ বিজেপিৰ কিছু কৰ্ম কাণ্ডক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপট সম্পৰ্কত কয়,কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাটো গণতন্ত্ৰৰ পৰিপন্থী ৷ এই কাৰ্যই একপ্ৰকাৰ বিৰোধী শক্তিক ঐক্যবদ্ধ হোৱাত সহায় কৰিলে ৷ এইয়া কংগ্ৰেছৰ বাবে এটা ভাল সূযোগ দিলে বিজেপিয়ে ৷

প্ৰাক্তন বিধায়ক গৰাকীয়ে আৰু কয় যে, শেহতীয়াকৈ ৰাজ্যিক বিজেপিত পুৰনি কৰ্মী গুৰুত্বহীন হৈ পৰিছে৷ আমি অপাত্ৰৰ হাতত ক্ষমতাবোৰ গতাই দিলো নেকি বুলি তিৰ্যক মন্তব্য প্ৰকাশ কৰে ৷ তেওঁৰ মতে,অহা দিনবোৰৰ ভিতৰত দলত বৃহৎ পৰিৱৰ্তনৰ আশা আছে বুলি মন্তব্য কৰি কয় যে, তেওঁ অধ্যক্ষাত থকা নিগমটোৰ প্ৰতি চৰকাৰৰ গুৰুত্ব নাই ৷যাৰবাবে কৰ্মচাৰীৰ দৰমহা কাৰ্যালয়ৰ একাংশ ভাড়া দি পোৱা টকাৰে পৰিশোধ কৰা হৈছে ৷

সংবাদ মাধ্যমক আৰু শৰ্মাই কয়, মোৰ ক্ষোভো নাই দুখো নাই ৷কিন্তু কেতিয়াবা ভাৱো যেনেদৰে বতাহ,বৰষুণৰ তাণ্ডৱলীলা কিছু সময় দি পিচত নাইকিয়া হয়৷ঠিক তেনেদৰে এইবোৰ এদিন নোহোৱা হৈ যাব ৷ আমি তেনে এক ভাল দিনৰ অপেক্ষাত আছো ৷

বিজেপি দলটো এটা আদৰ্শৱান দল৷এই দলৰ নীতি আদৰ্শ অন্য দলতকৈ ভিন্ন৷সেয়েহে দলটোৰ আদৰ্শ শিৰনত কৰি আগুৱাই গৈ আছো ৷ কোনোবাই দলটো ক্ষতি কৰিলেই সেইয়া স্থায়ী নহয় ৷ এটা ভাল সময় আহিবই ৷

আনহাতে দলৰ প্ৰাক্তন বিধায়ক গৰাকীৰ এই মন্তব্যৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়,অশোক দা,দলটোৰ এজন একনিষ্ঠ পুৰণি কাৰ্যকৰ্তা তথা আমাৰ পুৰণি সতীৰ্থ ৷ ইতিমধ্যে তেখেতৰ স’তে দলীয় কাৰ্যালয়ত আলোচনা কৰা হ’ব বুলি জনাই কলিতাই ৷

আনপিনে কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই কয়, অশোক শৰ্মাই এনেদৰে কোৱা অনুচিত ৷তেওঁৰ কিবা ক্ষোভ ,অভিমান আছে সেইয়া দলৰ মঞ্চত উপস্থাপন কৰিব লাগিছিল ৷দলীয় টিকট নাপালে বুলি সংবাদ মাধ্যমৰ ওচৰত দলৰ বিৰুদ্ধে মন্তব্য কৰিব নালাগে ৷

নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অশোক শৰ্মা মন্তব্য সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে ৷ চি পি এমৰ বৰ্ষীয়ান বিধায়ক মনোৰঞ্জন তালুকদাৰে আজি অসম বিধানসভা চৌহদত সাংবাদিক অশোক শৰ্মাৰ ক্ষোভ সন্দৰ্ভত কয় যে, এইটো স্পষ্ট বিজেপি দলটো দুনীৰ্তিগ্ৰস্ত দল ৷ দলটোত এতিয়া দুনীৰ্তিগ্ৰস্তৰ পয়োভৰ হৈছে ৷ যাৰবাবে সুখী নহয় অশোক শৰ্মাৰ দৰে পুৰণি বিজেপি কৰ্মী সকল ৷ বাজপেয়ী দিনত থকা নীতি- আদৰ্শ এতিয়া অতীত ৷

প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মা সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় ,শৰ্মাই ক্ষোভ খিনি দলীয় মঞ্চত কব লাগিছিল ৷কিন্ত সংবাদ মাধ্যমৰ সন্মুখত এই কাৰণেই কৈছে চাগৈ যে তেওঁৰ বক্তব্য দলীয় মঞ্চত অপ্ৰাসংগিক ৷ এইটো কথা স্পষ্ট যে মুল্যবৃদ্ধি ,ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ তীব্ৰ অসন্তুষ্টি আছে শৰ্মাৰ ৷ এনেদৰে ক্ষোভ আৰু অসন্তুষ্টি থকা বহু বিজেপি নেতা আছে বুলি কয় শিকদাৰে ৷

Exit mobile version