Bharalu River : আই পি এল মেচৰ খেলুৱৈৰ বাবে নীলা টিপালেৰে ঢাকি পেলোৱা হ’ল ভৰলু নৈ !

52905fe7 7725 4b61 903d 7e0ca2ad35a7

Bharalu River :

গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে হাই ভল্টেজ আই পি এল মেচ ৷ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ দল দুটা সোমবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত আজি বৰ্ষাপাৰা ষ্টেডিয়ামত দুয়োটা দলৰ মাজত হ’ব মহাৰণ৷

কিন্ত খেলত অংশগ্ৰহণ কৰা আই পি এল খেলুৱৈ সকলে ভৰলু নদীৰ লেতেৰা ৰূপটো দৃষ্টিত নপৰিবৰ বাবে মহানগৰ প্ৰশাসনে লৈছে অভিনৱ পন্থা ৷

তথাকথিত সৌন্দৰ্যবৰ্দ্ধনৰ বাবে নীলা টিপালেৰে ঢাকি দিয়া হৈছে ভৰলু নৈ ৷ যাতে খেলুৱৈ সকলে ছানগ্লাছ পিন্ধিলে পানী বুলিয়েই ভাবিব৷

ইতিমধ্যে মহানগৰ প্ৰশাসনৰ এই কাৰ্য্যই সকলোৰে কপালত উঠিছে ৷ সচেতন মহলৰ মন্তব্য প্ৰশাসনে নিজৰ নগ্ন ৰূপটো পুনৰ উদঙাই দিলে ৷

Exit mobile version