Bihu Workshop : বাগসাৰ বাৰাপেটাত ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে বিহু নাচ কৰ্মশালা

IMG 20230405 19323970

Bihu Workshop :

বাগসাৰ খাৰিজা বিজনীৰ বাৰাপেটাত ছয় দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচ কৰ্মশালাৰ৷ বাৰাপেটা দৌল মন্দিৰ প্ৰাংগনত আয়োজিত কৰ্মশালাত প্ৰায় ৫০ গৰাকী নাচনীয়ে অংশগ্ৰহণ কৰিছে৷

মধ্য বাৰাপেটা ক্লাৱ এণ্ড লাইব্ৰেৰীৰ উদ্যোগত আৰু মানাহ পৰীয়া সাংস্কৃতিক গোষ্ঠীৰ সহযোগত আয়োজন কৰা হৈছে এই কৰ্মশালাৰ৷

বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ সময়চোৱাতে বাগ্‌সাৰ ভিতৰুৱা অঞ্চল বাৰাপেটাত সদলবলে ওলাই আহিছে নাচনী-ঢুলীয়াসকল৷ বাপোতিসাহোন ৰঙালী বিহুক আদৰাৰ প্ৰাক্‌ক্ষণত বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণত ব্যস্ত বহুসংখ্যক বিহুৱা বিহুৱতী৷

Exit mobile version