Dudhnoi Road Accident : দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা

থিতাতে নিহত তিনিজন,গুৰুত্বৰভাৱে আহত দুজন

WhatsApp Image 2023 04 05 at 12.11.38 PM 1

Dudhnoi Road Accident :

গোৱালপাৰা জিলাৰ দুধনৈৰ ফফলত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শোকাৱহ দুৰ্ঘটনাটোত তিনি গৰাকী থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুত্বৰভাৱে আহত হয় এগৰাকী মহিলা আৰু এটি কিশোৰ ৷

প্ৰাপ্ত খবৰ অনুসৰি দুধনৈৰ ফফলৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এএছ১৯চি-৩২৩৪ নম্বৰৰ মালবাহী ট্ৰাকখনক একে দিশৰ পৰা আহি থকা এএছ০১-ডি এক্স-২৩৫৩ নম্বৰৰ কুইড বাহন খনে পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে ৷

ফলত কুইড বাহনখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে ৷ বাহন খনৰ চালকসহ তিনিজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় এট কিশোৰ আৰু এগৰাকী মহিলা ৷

পুৱতি নিশা সংঘটিত হোৱা দুৰ্ঘটনাৰ পাছতে আৰক্ষী উপস্থিত হৈ আহত দুজনক ততাতৈয়াকৈ দুধনৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে চিকিৎসকে ৷

শোকাৱহ পথ দুৰ্ঘটনাত নিহতসকল হ’ল মানকাচাৰৰ নুৰ ইছলাম ,আনাৰুল ইছলাম ,আৰু গুৱাহাটী ভাস্কৰ নগৰৰ বিকি বৈশ্য ৷ আনহাতে গুৰুত্বৰভাৱে আহত দুগৰাকী হ’ল কলেমা আৰু বাৰবছৰীয়া মুক্তাৰ হুছেইন বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷

Exit mobile version