Horoscope: দিনটোৰ ৰাশিফল
মেষ : কোনো কাৰণে কিবা ভাবৰ উদয় হ’ব পাৰে। উপর্যুপৰি চেষ্টাৰ দ্বাৰাও নিৰাশ হোৱাৰ ইও এক কাৰণ হ’ব পাৰে। আজি শৰীৰেও বৰ উন্নত নাযাব বিদ্যাত অৱশ্যে বাধা কম । শুভ ৰং কমলা, শুভ সংখ্যা ৭।
বৃষ : সহজাত-সুবুদ্ধি আৰু কাৰ্যদক্ষতাৰ কামত ব্যৱহাৰ কাৰক। কিন্তু প্ৰায় কামতে আপোনাৰ যেন অনাৱশ্যক মন্থৰ হ’ব। ভাই-ভনীৰ পৰা অৱশ্যে ভালেই দেখা যায়। শৰীৰৰ দুৰ্বলতা থাকিব। শুভ ৰং ৰঙা। শুভ সংখ্যা-৯।
মিথুন : মনোবল বৃদ্ধি পাব। ভ্রমণতো বেছি বাধা নাপাব। হাতলৈ ধন অহাৰ সুযোগ পাব। প্রেম-প্রীতিত সংগ সুখ দেখা যায়। শৰীৰ মধ্যম। দাম্পত্যতো শুভ। কর্মতৎপৰ হোৱাৰ যত্ন কৰক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।
কর্কট : সাধাৰণ ধন উপার্জন। কোনো কাৰণে লেঠা ছিগা টান হ’ব। অৱশ্যে গুৰুৰ সহযোগত কিছু মানসিক দিশত উপকৃত হ’ব। বিদ্যাতো শুভ প্রভাব নাই যদিও চেষ্টাৰ ফল পাব। প্রিয় লোকৰ কথাত কিছু সন্দেহ দেখা যায় | শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।
সিংহ : আর্থিক উপায়ৰ কথা কোনোৰ মনত বাৰে বাৰে চাপ দিব। অভাব অনাতনতকৈ নিজৰ ভৱিষ্যতৰ বাবে বেছি ভাৱ প্ৰৱণতাই ৰুক্ষ অৱস্থালৈ ৰূপান্তৰিত যাতে নহয় সাৱধান থাকক। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।
কন্যা : কন্যাদিত মন দিয়াৰ যত্ন কৰক। আৰ্থিকত বাধা থাকিব যদিও ভবা-গুণা কৰাৰ প্ৰয়োজন নাই বুলি ধৰিব। দাম্পত্যত মধ্যম। দুষ্ট লোকৰ পৰা আৰ্থিক ক্ষতি যাতে নহয় লক্ষ্য ৰাখক। শুভ ৰং নীলা। শুভ সংখ্যা ৬।
তুলা : কর্তব্যত জটিলতা পূৰ্বদিনৰ তুলনাত কম। নিজৰ ধৈৰ্য আৰু বুদ্ধি বলত উপকৃত হ’ব। অনাহকৰ সময় অপব্যয়ৰ মুহূৰ্তৰ বাবে সাৱধান হওক শৰীৰ ভালেৰো গ’লেও অবজ্ঞা কৰিব নোৱাৰিব। শুভ ৰং ক্রীম, শুভ সংখ্যা ৮।
বৃশ্চিক : টকা-পইচা লেন-দেনত যাতে ভ্ৰম নহয়। অর্থকষ্টৰ কথা বাৰে বাৰে মনলৈ অহাৰ পাছতে কিছু আশাপদ সঁহাৰি লাভ। শাৰীৰিক উদ্বেগৰ মাজতো কোনো সৎকামত প্ৰেৰণা পাব । শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৯।
ধনু : মান-মর্যাদা বাঢ়িব। আনহাতে, ঘৰুৱা দিশত সম্পূর্ণ মন দিয়াত খেলি- মেলি থাকিব। তথাপিতো আজি কোনো কামত নিষ্ঠাৰ প্ৰমাণ লাভ কৰিব বিদ্যাত সুযোগ নিজে ল’ব লাগিব। ভ্ৰমণত মধ্যম ফল। শুভ ৰং ক্রীম। শুভ সংখ্যা ৭।
মকৰ : বিশেষ দুশ্চিন্তা থাকিব। তথাপি ভাবি-চিন্তি কামত আগুৱাওক বিদ্যাত অনুকূলতা থাকিব। জাতি-কুটুম্বৰ পৰা উপকৃত উপদেশ। বন্ধুৰ সহযোগ মাতৃৰ তথা চুবুৰীয়াৰ লগত সদ্ভাৱ। দাম্পত্যত মধ্যম। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৮।
কুম্ভ : প্রাথমিকতে অলপ অসুবিধা বা নিসংগতা অনুভৱ কৰিব পাৰে। পিছলৈ উন্নত। কোনো চিন্তাৰ পৰা মুক্ত হোৱাৰ কাৰক। অর্থক্ষতি বিশেষ প্রয়োজন সাপেক্ষে বুলি ধৰিব পাৰে। ভ্ৰমণত মধ্যম। শুভ ৰং ক’লা ৰঙা। শুভ সংখ্যা ১১।
মীন : বিদ্যা-তথা বুদ্ধিৰ ক্ষেত্ৰত আপোনাৰ খুব অনুকূল নহ’লেও দুশ্চিন্তা নাই। কর্মস্থানত বাবা কম। শেষকালে কোনো অনাহুত বিষয়ত অপ্রস্তুত হ’ব পাৰে। পিতৃ-মাতৃৰ বাবে দুশ্চিন্তা। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ২।