Pop Singer Dhvani Bhanushali:ভাৰতীয় পপ সংগীত জগতত নতুন চাঞ্চল্য ধ্বনি, ইউটিউবত ১.৫ বিলিয়ন ভিউজপ্ৰাপ্ত প্ৰথম যুৱশিল্পী

WhatsApp Image 2023 04 06 at 2.09.23 PM

Pop Singer Dhvani Bhanushali :

ভাৰতীয় গায়িকা-সংগীতজ্ঞ ধ্বনি ভানুচালিয়ে সংগীত জগতত এক নতুন চাঞ্চল্য সৃষ্টি কৰিছে। ধ্বনিৰ অতি জনপ্রিয় গীত ‘বাস্তে’ৰ ভিডিঅ’ই ইউটিউবত আলোড়ন সৃষ্টি কৰিছে ।

এই গীতটোৱে ইউটিউবত ১.৫ বিলিয়ন ভিউ লাভ কৰিলে। এই সফলতা লাভ কৰা ধ্বনিয়ে হৈছে সবাতোকৈ কম বয়সীয়া ভাৰতীয় সংগীত শিল্পী

উল্লেখ্য যে ধ্বনিয়ে কণ্ঠদান কৰা ‘বাস্তে’ গীতৰ সংগীত পৰিচালক হৈছে তনিষ্ক বাগচী আৰু গীতিকাৰ হৈছে অৰাফাট মহমুদ।

গীতটোত ধ্বনিৰ স’তে নিখিল ডিছুজায়ো কণ্ঠদান কৰিছে। ‘ইছাৰে তেৰে’ গীতৰ জৰিয়তে পপ সংগীতৰ জগতত প্ৰৱেশ কৰা ধ্বনিয়ে ‘লেজা ৰে’ গীতৰ জৰিয়তেও যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল। হিন্দী চলচ্চিত্রতো একাধিক জনপ্রিয় গীতত ধ্বনিয়ে কণ্ঠদান কৰিছে ।

Exit mobile version