Silbari L P School :তুলসীবিলৰ সমীপৱৰ্তী শিলবাৰী এল পি স্কুলত চৰম অৰাজকতা

সময়মতে বিদ্যালয়ত শিক্ষক- শিক্ষয়িত্ৰী উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় লোকৰ

WhatsApp Image 2023 04 06 at 7.35.12 PM

Silbari L P School:

 যি সময়ত চৰকাৰে শিক্ষা ব্যবস্থাটো অধিক উন্নত হৈছে বুলি ঢাক ঢোল বজাই আছে ঠিক তেনে সময়তে কোকৰাঝাৰ জিলাৰ গোসাইগাও শিক্ষাখণ্ডৰ অধিন শিলবাৰী এল পি স্কুলত সময়মতে উপস্থিত নহয় শিক্ষক- শিক্ষয়িত্ৰী।

আজি ৰাতিপুৱা ১০ বজাৰ পিছতহে বিদ্যালয়ত শিক্ষয়িত্ৰী উপস্থিত হৈ তলা খুলা পৰিলক্ষিত হয়। লগতে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো ব্যপক খেলিমেলি বিদ্যালয়খনত হৈ আছে বুলি অভিযোগ স্থানীয় লোকৰ।

জানিব পৰা মতে বিগত বছৰতো বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ নামত পোকে ধৰা চাউলৰ ভাত কন কন শিক্ষাৰ্থী সকলক খুওৱাৰো গুৰুতৰ অভিযোগ দিয়ে স্থানীয় ৰাইজে। ইপিনে এক তাৎপর্যপূৰ্ণ কথা যে চলিত শিক্ষা বৰ্ষ ১ এপ্ৰিলৰ পৰা আৰম্ভ হয় যদিও বিদ্যালয়খনত আজিলৈকে নতুন শিক্ষা বৰ্ষৰ শিক্ষাদান আৰম্ভ হোৱা নাই।

ৰাইজে অভিযোগ কৰা মতে নিয়মিতভাৱে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী কল্পনা বালা ৰায়ে বিদ্যালয়ত উপস্থিত নাথাকে। ইপিনে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী কল্পনা বালা ৰায়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে ১০ এপ্ৰিলৰ পৰাহে বিদ্যালয়খনত শিক্ষাদান আৰম্ভ কৰিবলৈ বিভাগে নিৰ্দেশ দিছে।

বিদ্যালয়খনত অবিভাবকে নামভৰ্তি কৰিবলৈ লৰা ছোৱালী লৈ আহে যদিও শিক্ষক- শিক্ষয়িত্ৰী সকলৰ দায়িত্বহীনতাৰ বাবে ক্ষোভিত হৈছে অবিভাবক সকল।

উক্ত বিষয়টোৰ ওপৰত লগতে বিদ্যালয়খনৰ শিক্ষয়িত্ৰী কল্পনা বালা ৰায়ৰ বিৰুদ্ধে গোসাঁইগাঁও শিক্ষা খণ্ডৰ বিষয়া আৰু অসম চৰকাৰে কি ব্যাবস্থা গ্ৰহন কৰে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হব।

Exit mobile version