Vulture Bird : ছয়গাঁৱৰ নুনমাটিত চাৰিটা দুষ্প্ৰাপ্য শগুনৰ মৃতদেহ উদ্ধাৰ

আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ এটা

IMG 20230406 182027

Vulture Bird :

পশ্চিম কামৰূপ বন সংমণ্ডল এলেকাৰ অন্তৰ্গত নোৱামাটিত আজি চাৰিটাকৈ দুষ্প্ৰাপ্য হিমালয়ান গ্ৰিফাইন প্ৰজাতিৰ শগুনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত শোকৰ ছাঁ পেলাইছে ।

তথ্য অনুসৰি আজি পুৱা নোৱামাটিৰ খেতি পথাৰৰ মাজত স্থানীয় লোকে মৃত শগুনকেইটা প্ৰত্যক্ষ কৰি সাংবাদিকক খবৰ দিয়ে ।

সেই মৰ্মে সাংবাদিকে বিষয়টো বন বিভাগক অৱগত কৰে । সেই খবৰৰ ভিত্তিত বামুণীগাঁও, কুলচী বন কাৰ্যালয়ৰ বিষয়া-কৰ্মীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ মৃত শগুনকেইটাৰ লগতে আঘাতপ্ৰাপ্ত অৱস্থাত আন এটা শগুন উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ।

স্থানীয় লোকে বিষক্ৰিয়াৰ ফলতে এই কৰুণ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে । পিছে কোনে এই ঘটনা সংঘটিত কৰিছে সেয়া তদন্তৰ পাছতহে ওলাই পৰিব ।

Exit mobile version