Horoscope: দিনটোৰ ৰাশিফল
মেষ : সুখ সমৃদ্ধি বৃদ্ধি হ’ব। টকা-পইচাৰ অভাৱ দূৰ হ’ব। কুগ্ৰহৰ প্রভাৱে সন্তানৰ ক্ষতি কৰিব পাৰে। প্ৰতিকাৰ পুৱা গা ধুই তিতা গাৰো তুলসীৰ গুৰিত পানী ঢালি লক্ষ্মী নাৰায়ণক স্মৰণ কৰিব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৭।
বৃষ : আৰ্থিক ক্ষতিৰ যোগ আছে। সামান্য কথাতে কাজিয়া হ’ব পাৰে। কোনো ধৰণৰ ভাল কাম আজি আৰম্ভ নকৰিব। হাতৰ পৰা বস্তু হেৰাব পাৰে। প্ৰতিকাৰ ভিক্ষাৰিক ক’লা বস্তু দান কৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯।
| মিথুন ঃ এই ৰাশিৰ জাতকৰ আজি শুভ দিন। যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে নিজৰ ভুলে ক্ষতি কৰিব। আনক উপদেশ দি নিজে সমস্যাত পৰিব। শিক্ষাৰ্থীৰ শাৰীৰিক অসুস্থতাই ক্ষতি কৰিব। প্ৰতিকাৰ ঘৰলৈ অহা আহলীক সুমিষ্ট ফল খুওৱাক।। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।
কর্কট : বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। আর্থিক অনাতন দূৰ হ’ব। পাবলে থকা ধন হাতলৈ আহিব। প্ৰতিকাৰ শিৱ মন্দিৰত বেলপাত, গাখীৰ, ধুতুৰা ফুল দি লিংগ পূজা কৰি দিব পাৰ্বতীক আৰাধনা কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।
| সিংহঃ যানবাহন দুর্ঘটনা পতিত হ’ব পাৰে। শিক্ষাৰ্থীয়ে বিচৰা ধৰণে ফল নাপাব। বিশেষ ভাল খবৰ পাব। ব্যৱসায়ত লোকচান হ’ব পাৰে। প্ৰতিকাৰ এটা পাত্ৰত পানী লৈ সূৰ্য্যল চাই জল অর্পণ কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।
কন্যা : কর্মস্থান পৰিৱৰ্তন হ’ব পাৰে। পাৰিবাৰিক কন্দল হ’ব পাৰে। শত্ৰুৰ দ্বাৰা ক্ষতি হ’ব পাৰে। শিক্ষাৰ্থীৰ শুভ ফল প্ৰাপ্তিৰ যোগ। ব্যৱসায়ত শুভ। প্রতিকাৰ অগৰু চন্দন মিহলাই, গোটেই ঘৰতে চতিয়াব। শুভ ৰং নীলা, শুভ সংখ্যা ৫।
তুলা : সাহিত্য চর্চা কৰাসকলৰ সন্মান বাঢ়িব। অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে। যুটীয়া ব্যৱসায়ত হাত নিদিব। ব্যৱসায়ত ক্ষতি হ’ব পাৰে। প্ৰতিকাৰ দোৰোণ ফুল পাঁচটা পানীৰে পূৰ্ণ পাত্ৰত লৈ সূৰ্য লৈ চাই অৰ্পণ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ২।
বৃশ্চিক : সংযম ৰশি কথা পাতিব। হাতলৈ টকা আহিব যদিও ঘৰচ বাঢ়িব। আনে লোৱা টকা ঘূৰাই পাব। প্ৰতিকাৰ তিনিডাল ধূপ জলাই ঘৰৰ চৌপাশ পদক্ষিণ কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।
ধনু : ঘৰত কোনোবাৰ চাকৰিৰ সম্ভাৱনা আছে। মূৰত আঘাত পাব পাৰে। ব্যৱসায়ত লোকচান হ’ব পাৰে। প্ৰতিকাৰ হনুমান মন্দিৰত ফল, মূল দি হনুমান চালিচা পাঠ কৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।
মকৰ :চাকৰিৰ বাবে চেষ্টা কৰা সকলে ভাল খবৰ পাব। অপদস্ত হোৱাৰ ভয়। আজি টকা ধাৰলৈ নিদিব। প্ৰতিকাৰ লোহাৰ আঙঠি এটা সোহাতত পিন্ধিব। শুভ ৰং নীলা, শুভ সংখ্যা ৩।
কুম্ভ : অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে। দূৰ ভ্ৰমণ নকৰিব। বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ’ব। প্ৰতিকাৰ ঘৰৰ পৰা ওলাই যাওঁতে সূর্যক প্রণাম কৰি ওলাব। লগত এটা বেল পাত ৰাখিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬।
মীন : হাতলৈ টকা আহিব কিন্তু জমা ৰাখিব নোৱাৰে। মাতৃৰ স্বাস্থ্য অসুস্থ হ’ব পাৰে। কর্মসংস্থান বিচৰাসকলে আজি চেষ্টা কৰক। পাৰিবাৰিক অশান্তি বাঢ়িব। প্ৰতিকাৰ ঘৰলৈ অহা যিকোনো ব্যক্তিক আদৰ কৰি শুশ্রূষা কৰিব পাৰিলে এটা মিঠা ফল খউৱাব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪।