Panjal Deadbody Recoverd In Ledu Coal Field:
লিডুৰ অবৈধ কয়লা খনিত উদ্ধাৰ হ’ল ঊৰ্বশী মৰাণৰ নিৰুদ্দিষ্ট স্বামী প্ৰাঞ্জলৰ মৃতদেহ । তিনিমাহৰ অন্তত লিডুৰ অবৈধ কয়লা খনিত বস্তাত ভৰাই মাটিৰ তলত পুটি থোৱা অৱস্থাত উদ্ধাৰ হয় প্ৰাঞ্জলৰ নিথৰদেহ ৷
আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলে প্ৰাঞ্জলৰ পত্নী ঊৰ্বশী মৰাণক আজি পুৱাই ফোন কৰি অৱগত কৰে তেওঁৰ স্বামীৰ মৃতদেহ উদ্ধাৰৰ খবৰ ৷
উল্লেখ্য যে,লিডুৰ কয়লাখনিত শ্ৰমিক হিচাপে কৰ্মৰত অৱস্থাত ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট হৈছিল প্ৰাঞ্জল মৰাণ ৷ স্বামীৰ কোনো শূংসূত্ৰ নোপোৱাত পত্নী পত্নী উৰ্বশীয়ে চাৰি জানুৱাৰিত লিডু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো সময়োচিত পদক্ষেপ নোলোৱাত পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টো অৱগত কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ৷ ইয়াৰ পাছতে ডি জি পি গৰাকীয়ে বিষয়টো তদন্ত কৰিবৰ বাবে দায়িত্ব দিয়ে আই জি পি জিৎমল দলেক ৷