Sri Lanka : শ্ৰীলংকাৰ পৰা এক লাখ বান্দৰ কিয় ক্রয় কৰিব বিচাৰে চীনে?

download 3

Sri Lanka :

বিত্তীয় সংকটত জৰ্জৰিত শ্ৰীলংকাই চীনলৈ ৰপ্তানি কৰিব পাৰে এক লাখ বান্দৰ। উভয় দেশে বিগত কে’বা মাহ ধৰি এই বিষয়ত আলোচনা অব্যাহত ৰাখিছে।

ADVERTISEMENT

ইতিমধ্যে চীনে শ্রীলংকাৰ স’তে বান্দৰ ক্ৰয়ৰ বিষয়ত তিনিবাৰকৈ আলোচনাত মিলিত হ’ল। শ্রীলংকাৰ কৃষি মন্ত্রী মহিন্দা অমৰবীৰাই প্ৰকাশ কৰা অনুসৰি চীনে দেশখনৰ পৰা এক লাখ বান্দৰ বিচাৰিছে।

যোৱা ১১ এপ্ৰিলত চীনৰ প্ৰতিনিধিৰ স’তে বান্দৰ যোগানৰ বিষয়ত শ্রীলংকাৰ কৃষি মন্ত্রণালয়ত এক আলোচনাত মিলিত হৈছিল। শ্রীলংকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দেশখনৰ বহু নাগৰিকে চীনক এক লাখ বান্দৰ যোগানৰ সপক্ষে মত প্ৰকাশ কৰিছে।

এই সকল লোকৰ মতে বান্দৰে শ্রীলংকাৰ কৃষিভূমিৰ যথেষ্ট ক্ষতি কৰিছে আৰু সেয়েহে এক লাখ বান্দৰ চীনক দেশখনে যোগান ধৰিলে কোনো ক্ষতি নহ’ব।

শ্রীলংকাৰ কৃষি বিভাগৰ তথ্য অনুসৰি বিগত এবছৰত বান্দৰে দেশখনত প্রায় দুই কোটি নাৰিকল নষ্ট কৰিলে। বান্দৰৰ উৎপাতত দেশখনৰ কৃষিক্ষেত্ৰৰ উৎপাদন হ্রাস পোৱাত শ্রীলংকাৰ অৰ্থনীতিৰ ক্ষতিৰ সন্মুখীন হৈছে।

চীনে শ্রীলংকাৰ পৰা এক লাখ বান্দৰ বিচৰাৰ লগতে উক্ত বান্দৰসমূহক ধৰাৰ বাবে সম্পূর্ণ ব্যয় বহন কৰিবলৈ প্ৰস্তুত আছে বুলিও প্ৰস্তাৱ দিছে।

কিন্তু কিয় চীনে শ্রীলংকাৰ পৰা বান্দৰ ক্ৰয় কৰিব বিচাৰিছে? চীনে শ্রীলংকাক জনোৱা অনুসৰি, দেশৰ পৃথক চিৰিয়াখানাত ৰখাৰ বাবে তেওঁলোকে কলম্বোৰ পৰা বান্দৰ আমদানি কৰিব বিচাৰিছে

কিন্তু একাংশ পশুপ্রেমীৰ শংকা অনুসৰি মাংস উৎপাদনৰ বাবেহে চীনে শ্রীলংকাৰ পৰা বান্দৰ আমদানি কৰিব বিচাৰিছে। উল্লেখ্য যে চীনত বান্দৰৰ মাংস যথেষ্ট জনপ্রিয়। আন একাংশই সন্দেহ কৰা অনুসৰি, বিভিন্ন ভাইৰাছৰ প্ৰয়োগৰে গৱেষণা চলাবলৈ চীনে এইদৰে শ্ৰীলংকাৰ পৰা বান্দৰ সংগ্ৰহ কৰিব বিচাৰিছে।

Exit mobile version