Covid Update : দেশত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত , এদিনতে আক্ৰান্ত বৃদ্ধি পালে ২০ শতাংশ

Corona 1

Covid Update :

নতুন কৈ হোৱা কৰ’না ভাইৰাছৰ বৃদ্ধিয়ে স্বাস্থ্য মন্ত্ৰালয়ক যেন দুৰ্বল কৰি তুলিছে। দেশৰ কেবাখনো ৰাজ্যত পুনৰ মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।লগতে ভিৰ এৰাই চলিবলৈ কোৱা হৈছে ।

কিন্তু একোৱেই যেন কৰ’না সংক্ৰমণ ৰোধ কৰিব পৰা নাই। ইয়াৰ বিপৰীতে দেশত ক’ভিড সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। বৃহস্পতিবাৰে দৈনিক আক্ৰান্তৰ সংখ্যা ২০ হেজাৰ বৃদ্ধি পায়।

স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, দেশত যোৱা ২৪ ঘণ্টাত ১২,৫৯১ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। বুধবাৰে সেই সংখ্যা আছিল প্ৰায় ১০,৫০০।

দৈনিক আক্ৰান্তৰ সংখ্যা এদিনতে প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে। চিন্তাৰ বিষয়টো হ’ল যে দেশৰ দৈনিক আৰু সাপ্তাহিক পজিটিভ হাৰ বৃদ্ধি পাইছে।একে সময়তে, সক্ৰিয় ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। বৰ্তমান, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬৫,২৮৬ জন।

যোৱা ২৪ ঘণ্টাত, মাৰাত্মক ভাইৰাছে মুঠ ২৯ জন লোকৰ প্ৰাণ কাঢ়িছে । ফলস্বৰূপে, দেশত মুঠ মৃত্যুৰ সংখ্যা ৫,৩১,২৩০ লৈ বৃদ্ধি পাইছে।

সুস্থতাৰ হাৰও সামান্য কম। বৰ্তমান, সুস্থতাৰ হাৰ হৈছে ৯৮.৬৭ শতাংশ। ইফালে ৰাজধানী দিল্লীৰ পৰিসংখ্যা উদ্বেগজনক। কেৱল দিল্লীয়ে যোৱা ২৪ ঘণ্টাত ১,৭৬৭ জন লোক ক’ভিডত আক্ৰান্ত হৈছে।

ৰাজধানীত এদিনতে ছয়জন লোকৰ মৃত্যু হয় । যিটো এই বছৰৰ সৰ্বাধিক। মহাৰাষ্ট্ৰতো এদিনত প্ৰায় চাৰিজনলোকৰ মৃত্যুৰ হয়।বিশেষজ্ঞসকলে জনাই যে বৰ্তমান ক’ভিড নিয়ম অনুসৰণ কৰা উচিত।

Exit mobile version