Sati-Sadhini Diwas Proggame In Sarupathar:সৰুপথাৰৰ ছেৱাগুৰিত বীৰাংগনা সতী সাধনীৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন

সতী সাধনীৰ বছৰজোৰা স্মৃতি দিৱস অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

satisadhani

Sati-Sadhini Diwas Proggame In Sarupathar:

বীৰাংগনা সতী সাধনীৰ ৫০০ বছৰীয়া স্মৃতি দিৱস উপলক্ষে আজি গোলাঘাটৰ সৰুপথাৰত এক বিশেষ সভা আয়োজন কৰা হয় ৷ অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

সভাত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,ইতিহাসৰ পৃষ্ঠাত অসমীয়া নাৰীৰ গৌৰৱোজ্জ্বল বহু উদাহৰণ আছে ৷ চুতীয়া ৰাজ্যৰ ৰাণী বীৰাংগনা সতী সাধনীৰ ধৈৰ্য, দেশপ্ৰেম তথা আত্মবলিদান যুগে যুগে বন্দিত হৈ আহিছে৷ আজি় সতী সাধনীৰ ৫০০ বছৰীয়া স্মৃতি দিৱস ৷ এই পৱিত্ৰ দিনটোত অন্তৰৰ নিভৃত কোণৰ পৰা বীৰাংগনা গৰাকীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে ছেৱাগুৰিত নিৰ্মাণ কৰি উলিওৱা বীৰাংগনা সতী সাধনীৰ এটা সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে উক্ত স্থানত থকা দেউ কুবেৰ পূজাস্থলীতো সেৱা জনাই ৷

অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী সকল ক্ৰমে অতুল বৰা,কেশৱ মহন্ত,অজন্তা নেওগ,বিমল বৰা,সাংসদত্ৰয় কামাখ্যা প্ৰসাদ তাছা,পবিত্ৰ মাৰ্ঘেৰিটা,পল্লৱলোচন দাস আৰু বিধায়কদ্বয় বিশ্বজিৎ ফুকন,বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়া,চুতীয়া জাতি সন্মিলনীৰ সভাপতি অমিয় কুমাৰ বৰা,চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা,চুতীয়া যুৱ সন্মিলনৰ সভাপতি মোহন শইকীয়া সহ কে’বা গৰাকী জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে ৷

আনহাতে পুৱাভাগত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় শোণিতপুৰ জিলাৰ গাৰপালত অনুষ্ঠিত অসম গোৰ্খা সন্মিলনৰ ৫৭সংখ্যক সন্মিলন দিৱসৰ বিশেষ কাৰ্যসূচীত ৷

এই উপলক্ষে আয়োজিত সভাত ভাগ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় অসমত বসবাস কৰা গোৰ্খা সকল অসমীয়া জাতিৰ এক অভিন্ন অংগ ৷ গোৰ্খা জনসাধাৰণৰ অপাৰ স্নেহ আৰু আদৰত আপ্লুত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় গোৰ্খা জনগোষ্ঠীৰ সৰ্বাংগীণ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সক্ৰিয় পদক্ষেপ গ্ৰহণৰ বিষয়ে নিশ্চয়তা প্ৰদান কৰে ৷

সভাখনত দাৰ্জিলিঙৰ সাংসদ ৰাজু বিষ্ট, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, প্ৰমোদ বৰঠাকুৰ, গণেশ লিম্বু, গোবিন্দ বসুমতাৰী আৰু পৃথিৰাজ ৰাভাকে ধৰি কে’বাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version